ETV Bharat / state

অধিক ক'ভিড পৰীক্ষাৰ পোষকতা গোলাঘাট জিলা প্ৰাশাসনৰ

author img

By

Published : Sep 22, 2020, 9:47 PM IST

অহা 27 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ গোলাঘাটত প্ৰতিদিনে 3 হাজাৰ ক'ভিড পৰীক্ষা কৰোৱাৰ কথা জানিবলৈ দিয়ে গোলাঘাট জিলাৰ উপায়ুক্ত গৰাকীয়ে ৷ বৰ্তমান দৈনিক জিলাখনত 900-1000 জনৰ ক'ভিড পৰীক্ষা কৰাৰ পৰিপ্ৰেক্ষিতত দৈনিক তিনিহাজাৰ ক'ভিড পৰীক্ষা কৰিলে তিনিদিনত প্ৰায় 1600-1700 ক'ভিড পৰীক্ষাৰ ফলাফল ওলাব বুলিও সংবাদমেলত প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷

Golaghat district administration ready to fight against Covid19
অধিক ক'ভিড পৰীক্ষাৰ পোষকতা গোলাঘাট জিলা প্ৰাশাসনৰ

গোলাঘাট,22 ছেপ্তেম্বৰঃ ৰাজ্যত কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ লোৱাৰ সময়তে গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে মঙলবাৰে সম্বোধন কৰে এক সংবাদমেলৰ ৷ সংবাদমেলত উপায়ুক্ত গৰাকীয়ে ক'ভিড19 ত আক্ৰান্ত ৰোগীৰ ক'ভিড পৰীক্ষা পলম হোৱাৰ বাবেই জিলাখনত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে ৷

অধিক ক'ভিড পৰীক্ষাৰ পোষকতা গোলাঘাট জিলা প্ৰাশাসনৰ

তদুপৰি অহা 27 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ গোলাঘাটত প্ৰতিদিনে 3 হাজাৰ ক'ভিড পৰীক্ষা কৰোৱাৰ কথা জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ বৰ্তমান দৈনিক জিলাখনত 900-1000 জনৰ ক'ভিড পৰীক্ষা কৰাৰ বিপৰীতে দৈনিক 3হাজাৰ ক'ভিড পৰীক্ষা কৰিলে তিনিদিনত প্ৰায় 1600-1700 ক'ভিড পৰীক্ষাৰ ফলাফল ওলাব বুলিও সংবাদমেলত প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলি কয় উপায়ুক্তগৰাকীয়ে ৷

অধিক ক'ভিড পৰীক্ষাৰ পোষকতা গোলাঘাট জিলা প্ৰাশাসনৰ

ইপিনে, গোলাঘাট ক'ভিড চিকিৎসালয়কে ধৰি জিলাখনত ৮ টা কভিদ কেয়াৰ চেণ্টাৰত 801খন বিচনা সাজু থকাৰ কথা জানিবলৈ দি গোলাঘাট ক'ভিড চিকিৎসালয়ত 24 টা আৰু বোকাখাট চিকিৎসালয়ত মুকলি কৰিব লগীয়া 40 টা ICU কাৰ্য্যক্ষম হোৱাৰ কথাও অৱগত কৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে ৷

লগতে পঢ়কঃবিশ্ব গঁড় দিৱস ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.