ETV Bharat / state

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন

author img

By

Published : Mar 26, 2021, 2:05 PM IST

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গোলাঘাট জিলা প্ৰশাসন । ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ, পুলিং বিষয়া সকলো ।

golaghat-administration-was-ready-for-election
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন

গোলাঘাট,26 মাৰ্চ: ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গোলাঘাট জিলা প্ৰশাসন । ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ, পুলিং বিষয়া সকল । গোলাঘাটৰ আবাসিক ছোৱালী পলিটেকনিকৰ পৰা নিজ নিজ গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী সকল ।

golaghat-administration-was-ready-for-election
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন

উল্লেখ্য যে, গোলাঘাট বিধান সভা সমষ্টিৰ মুঠ ২৮৮ টা ভোট কেন্দ্ৰত ৩১৭ গৰাকী প্ৰিজাইডিং অফিচাৰ ৯৫১গৰাকী পুলিং বিষয়া নিয়োজিত কৰা হৈছে ৷ সমষ্টিটোৰ মুঠ ২ লাখ ২ হাজাৰ ১৪২ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ।

golaghat-administration-was-ready-for-election
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন

ঠিক সেইদৰে খুমটাই বিধান সভা সমষ্টিৰ মুঠ ১৯৮ টা ভোট কেন্দ্ৰলৈ ২১৯ গৰাকী প্ৰিজাইডিং অফিচাৰ ৬৫৭ গৰাকী পুলিং বিষয়া ৰাওনা হৈছে ৷ সমষ্টি দুটাৰ মুঠ ৩ লাখ ৪৬ হাজাৰ ২ শ ৮৭ গৰাকী ভোটাৰে কাইলৈ কৰিব ভোটদান ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান প্ৰদ্যুত বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.