ETV Bharat / state

অসম-নগালেণ্ড সীমান্তৰ চুঙাজান অঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ

author img

By

Published : May 31, 2021, 3:40 PM IST

Updated : May 31, 2021, 4:09 PM IST

forrest-tree-cuttings-duskitrikari
অসম-নগালেণ্ড সীমান্তৰ চুঙাজান অঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ

অসম-নগালেণ্ড সীমান্তৰ চুঙাজান অঞ্চলত দুষ্কৃতিকাৰীৰ বন ধ্বংস কাৰ্যৰ অভিযোগ একাংশ সচেতন ৰাইজৰ ৷

সৰুপথাৰ, 31 মে’ : সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ চুঙাজান অঞ্চলত অব্যাহত আছে বন ধ্বংসৰ যজ্ঞ । ধনশিৰি মহকুমাৰ নাওঁজান ৰেঞ্জৰ অধীনস্থ নাওঁঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে দীৰ্ঘদিন ধৰি দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে বন ধ্বংস কাৰ্য ।

Forrest tree cuttings duskitrikari
অসম-নগালেণ্ড সীমান্তৰ চুঙাজান অঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ

ইতিমধ্যে বনাঞ্চলখনৰ বহু মূল্যবান গছ-গছনি কাটি তহিলং কৰাৰ লগতে লৈ গৈছে দুষ্কৃতিকাৰীয়ে । কেইবাটাও সংগঠনে বনাঞ্চল সংৰক্ষণৰ বাবে দাবী জনাই অহা স্বত্বেও কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

আনহাতে, অঞ্চলটোত আৰক্ষীৰ বেটেলিয়ান কেম্প, চিআৰপিএফ কেম্প আৰু বন বিভাগৰ এটা কাৰ্যালয় থকাৰ পিছতো দুষ্কৃতিকাৰীয়ে নিৰ্বিবাদে বন ধ্বংস কাৰ্য চলোৱাত অভিযোগ সচেতন ৰাইজৰ ।

লগতে পঢ়ক : ম্যানমাৰত সামৰিক অভিযানত বৰ্তমানলৈকে নিহত ৮৪০ গৰাকী

Last Updated :May 31, 2021, 4:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.