ETV Bharat / state

কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

author img

By

Published : Oct 9, 2022, 7:19 PM IST

Forest officers search for rhino in Kaziranga
কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

কাজিৰঙাৰ ৰাজপথত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি অভিযান বনকৰ্মীৰ ৷ শনিবাৰে দিনৰ ভাগত কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত হৈছিল গঁড়টো (Rhinoceros injured in truck collision) ৷

বোকাখাত, 9 অক্টোবৰ: হাতীৰ সহায়ত ঘন জংঘলত গঁড় বিচাৰি পুৱাৰে পৰা অভিযান চলাইছে কঁহৰা বনাঞ্চলৰ বনকৰ্মীয়ে । উল্লেখ যে, শনিবাৰে দিনৰ ভাগত কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত হৈছিল এটা এশিঙীয়া গঁড় (Rhinoceros injured in truck collision) ৷

কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

ঘটনাৰ বিৱৰণী অনুসৰি, কঁহৰা বনাঞ্চলৰ কাজিৰঙাৰ হালধীবাৰী এনিমেল ক’ৰিডৰত দ্ৰুতবেগেৰে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল WB 91 6749 নম্বৰৰ এখন ট্ৰাক (Rhinoceros injured hit by truck in Kaziranga)৷ চলন্ত ট্ৰাকখনৰ সন্মুখত হঠাৎ ওলাই এটা প্ৰকাণ্ড গঁড় ৷ ফলত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিওৱাৰ ফলত আহত হয় গঁড়টো ৷

কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

এই সমগ্ৰ ঘটনা বন বিভাগে চি চি টিভি কেমেৰাৰ দ্বাৰা প্ৰত্যেক্ষ কৰি বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ বিৰুদ্ধে ইতিমধ্যে গোলাঘাট জিলা পৰিবহণ বিভাগে চাৰি হাজাৰ আৰু বনবিভাগে পাঁচ হাজাৰ টকা মুঠ ৯ হাজাৰ টকাৰ জৰিমনা বিহিছে ৷ ইফালে শনিবাৰৰ পৰা বনবিভাগে বন্যহস্তীৰ সহায়ত অৰণ্যত আহত গড়ঁটোৰ সন্ধান অব্যাহত ৰাখিছে (Forest officers search for rhino in Kaziranga) ।

লগতে পঢ়ক: কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.