ETV Bharat / state

Tears of landless families: মথাউৰিতে বসবাস কৰি অহা অৰ্ধ শতাধিক ভূমিহীন পৰিয়ালৰ চকুত চকুলো

author img

By

Published : Nov 9, 2022, 7:41 PM IST

Landless families in Dergaon
দেৰগাঁও সমষ্টিৰ ৫০টা ভূমিহীন পৰিয়ালৰ চকুত চকুলো

দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বাঁহগুৰি সূতাৰ গাঁৱৰ অৰ্ধ শতাধিক ভূমিহীন পৰিয়ালৰ চকুত চকুলো(Erosion of Brahmaputra made farmers cry) । এই লৈ অলপো গুৰত্ব নাই স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ ৷ পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সূতাৰ গাঁৱত যোৱা ৫০ বছৰে ভূমিহীনভাৱে বসবাস কৰি আহিছে ৫০ টাতকৈ অধিক দুৰ্ভগীয়া পৰিয়ালে ৷

দেৰগাঁও, 9 নৱেম্বৰ : ৰাজ্যত প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷

তেনে এক জলন্ত উদাহৰণ হৈছে দেৰগাঁৱৰ বাঁহগুৰি সূতাৰ গাঁৱৰ ৫০ টাকৈ ভূমিহীন পৰিয়াল ৷ বান আৰু খহনীয়াত সৰ্বস্ব হেৰুৱাই কেৱল চকুলো টুকিয়েই কোনো প্ৰকাৰে জীৱন নিৰ্বাহ কৰি গৈছে এইসকল ভূমিহীন পৰিয়ালে । মাজুলীৰ আহঁতগুৰিৰ এই ৫০ টাকৈ পৰিয়ালে বানত সৰ্বস্ব হেৰুৱাই ১৯৭৮ চনৰ পৰাই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বাঁহগুৰিলৈ স্থানান্তৰিত হৈ এটা মথাউৰিতে অস্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰি বৰ্তমানলৈকে সেই স্থানতে এক দূৰ্বিসহ জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে ৷ আশ্বৰ্যকৰ কথা এয়ে যে, যোৱা ৫০টা বছৰে ভূমিহীনভাৱে এনেদৰেই বসবাস কৰি আছে এই দুৰ্ভগীয়া পৰিয়ালসমূহে (Erosion of Brahmaputra made farmers cry) ।

দেৰগাঁও সমষ্টিৰ ৫০টা ভূমিহীন পৰিয়ালৰ চকুত চকুলো

পৰিতাপৰ বিষয় যে, ভূমিহীন এই পৰিয়ালসমূহে আজিলৈকে চৰকাৰৰ পৰা আৱন্টন নাপালে এডোখৰ স্থায়ী ভূমি । মথাউৰীৰ কাষৰ চৰকাৰী ভূমিতে এক দূৰ্বিসহ জীৱনৰ মাজেৰে বসবাস কৰি আছে এই ৫০ টাকৈ ভূমিহীন দৰিদ্ৰ পৰিয়ালে । বাৰম্বাৰ ৰজাঘৰীয়াক আবেদন-নিবেদন কৰিও আজিকোপতি কোনো সু-ফল নোপোৱাৰ কথা উল্লেখ কৰিলে এই পৰিয়ালসমূহে । বিগত সময়ছোৱাত দেৰগাঁও বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ অহা প্ৰতিগৰাকী জনপ্ৰতিনিধিয়েই তেওঁলোকক স্থায়ীভাৱে ভূমি আৱন্টনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও আজিলৈকে কোনোধৰণৰ সু -ফল পোৱা নাই এই দৰিদ্ৰ পৰিয়ালসমূহে । চৰকাৰ আহে আৰু যায়, কিন্তু এওলোকৰ সমস্যা সমস্যা হৈয়ে থাকি যায় ৷

বান আৰু খহনীয়াত জুৰুলা হৈ ব্ৰহ্মপুত্ৰৰ মথাউৰি আৰু চৰকাৰী ভূমিত বসবাস কৰা এইসকল ভূমিহীন পৰিয়ালে আজিকোপতি নাপালে কোনো চৰকাৰী সা-সুবিধাও । এডোখৰ স্থায়ী ভূমি তথা চৰকাৰী বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া লোকসকলে কেৱল টুকি আহিছে চকুলো । এইসকল দুৰ্ভগীয়া পৰিয়ালে বিগত বছৰ বছৰ ধৰি ভোগ কৰি অহা এই সমস্যাসমূহৰ স্থায়ী সমাধান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে কাতৰ আহ্বান ।

উল্লেখযোগ্য যে এইসকল দৰিদ্ৰ ভূমিহীন লোকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ সন্মুখত তেওঁলোকে বছৰ বছৰ ধৰি ভুগি কৰি অহা সমস্যাসমূহ উপস্থাপন কৰিছে যদিও এইক্ষেত্ৰত কোনো ধৰণৰ গুৰত্ব প্ৰদান নকৰাৰ অভিযোগ বিধায়কগৰাকী বিৰুদ্ধে । সেয়েহে এতিয়া এই দুৰ্ভগীয়া লোকসকলে স্থানীয় জনপ্ৰতিনিধিৰ ওপৰত সম্পূৰ্ণ আস্থা হেৰুৱাই পেলাইছে ৷ তেওঁলোকক পূৰ্বৰ আৰু বৰ্তমানৰ বিধায়কে কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে । সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তচক্ষেপ বিচৰাৰ লগতে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ জনাইছে কাতৰ আহ্বান ।

লগতে পঢ়ক: Flood free Guwahati: এইবাৰ গুৱাহাটী পৌৰ নিগমে বানমুক্ত কৰিব গুৱাহাটীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.