ETV Bharat / state

কাৰ আশীৰ্বাদত চাৰিখন জিলা পাৰ হৈ গৈছিল কয়লাভৰ্তি ট্ৰাকখন ?

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:31 PM IST

Degaon Bus Accident: জমিৰ আলী কোন ? কোন কয়লা বেপাৰীৰ এজেন্ট জমিৰ আলী ? নে জমীৰ আলী নিজেই কয়লা বেপাৰী ? দেৰগাঁৱৰ দুৰ্ঘটনাই সৃষ্টি কৰিছে বহু উত্তৰবিহীন প্ৰশ্নৰ ৷

Degaon Bus Accident
ৰহস্যৰ আৱৰ্তত দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত কয়লাভৰ্তি ট্ৰাক

ৰহস্যৰ আৱৰ্তত দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত কয়লাভৰ্তি ট্ৰাক

নিউজ ডেস্ক, 5 জানুৱাৰী : বছৰৰ তৃতীয়টো দিনতেই দেৰগাঁৱত সংঘটিত শোকাবহ ঘটনাই প্ৰাণ ল’লে 12গৰাকী লোকৰ ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে দুৰ্ঘটনাগ্ৰস্ত বাছখনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিল আৰক্ষী আৰু পৰিবহন বিভাগ ৷ বাছখনৰ যে ইঞ্চিওৰেন্স, ফিটনেচ চাৰ্টিফিকেট নাই সেই সকলো তথ্য খৰতকীয়াকৈ উলিওৱা হ’ল ৷ কিন্তু মুখামুখি সংঘৰ্ষত লিপ্ত ট্ৰাকখনৰ সন্দৰ্ভত নিমাত প্ৰশাসন, নিমাত আৰক্ষী ৷ কাৰণ ট্ৰাকখন আছিল কয়লাভৰ্তি ৷ সাধাৰণতে কয়লা বেপাৰীবোৰ প্ৰভাৱশালী হয় ৷ কয়লা বেপাৰীৰ দীঘল হাতে স্পৰ্শ কৰি থাকে দিছপুৰ ৷ সেয়েহে আৰক্ষী অথবা প্ৰশাসন আগবাঢ়িব পৰা নাই অভাৰল’ডেড কয়লাভৰ্তি ট্ৰাকখনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ৷

হয়তো ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট কয়লা বেপাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ অপাৰগ আৰক্ষী ৷ হাত দীঘলৰ বিৰুদ্ধে মাতিবলৈ কাৰ সাহস? কয়লা বেপাৰৰ আঁৰত ৰাজনৈতিক নেতা নহয়তো ?

হয়তো কোনো ৰাজনৈতিক নেতাৰে বেপাৰৰে অংশ আছিল কয়লাভৰ্তি ট্ৰাকখন ৷ আৰক্ষী বিষয়া, মন্ত্ৰীয়ে একো মাত নামাতিলেও সচেতন লোকসকলে উত্থাপন কৰি আছে কয়লাৰ ট্ৰাকখনৰ প্ৰসংগত বিভিন্ন প্ৰশ্ন৷ তাৰ মাজতে ইটিভি ভাৰতে লাভ কৰিছে কেতবোৰ বিশেষ তথ্য ৷

বুধবাৰে মুখামুখি সংঘৰ্ষত লিপ্ত হোৱা ট্ৰাকখন আহিছিল মাৰ্ঘেৰিটাৰ পৰা ৷ খবৰ অনুসৰি লিডুৰ 6 নম্বৰ ঝৰ্ণা বস্তিত কয়লা লোড কৰা হৈছিল ট্ৰাকখনত ৷ ট্ৰাকখন চলাই আহিছিল নুৰ আলম নামৰ লোকজনে ৷ দুৰ্ঘটনাটোত মৃত্যু হোৱা নুৰ আলম ট্ৰাকখনৰ মালিক আব্দুল বাৰিকৰ পুত্ৰ ৷ এইখিনিলৈকে সকলো তথ্য আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ কিন্তু বিশেষ সূত্ৰৰ তথ্য অনুসৰি ট্ৰাকখনত কয়লা ভৰ্তি কৰোৱাইছিল জনৈক জমিৰ আলী নামৰ এজন লোকে ৷ কিন্তু কোন এই জমিৰ আলী, সেই বিষয়ে এই পৰ্যন্ত নাই তথ্য ৷ হয়তো জমিৰ নিজেই কয়লা বেপাৰী, নাইবা আন কোনো কয়লা বেপাৰীৰ এজেন্ট ৷

বুধবাৰে পুৱা প্ৰায় চাৰে চাৰি বজাত দেৰগাঁৱত উপস্থিত হোৱা AS01 PC0648 নম্বৰৰ কয়লাভৰ্তি ট্ৰাকখনে অতিক্ৰম কৰি আহিল চাৰিখনকৈ জিলা ৷ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু শেষত গোলাঘাট ৷ ৰহস্যজনকভাৱে অভাৰলোডেড ট্ৰাকখন চকুত নপৰিল আৰক্ষীৰ অথবা পৰিবহন বিভাগৰ ৷ ইফালে দুৰ্ঘটনাৰ পিচত ট্ৰাকখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে কয়লাৰ চালানৰ বাদে সকলো নথি-পত্ৰ ৷ গতিকে কয়লাখিনি অবৈধভাৱে কঢ়িয়াই অনা বুলি ভবাৰ যথেষ্ট অৱকাশ আছে ৷ চাৰিখন জিলাৰ পানী নসৰকা তালাচীৰ মাজেৰে চালাবিহীনভাৱে এখন অভাৰল’ডেড কয়লা পৰিবাহী ট্ৰাক আহিবলৈ পালে কেনেকৈ ? মুখ্যমন্ত্ৰীৰ ভাষাত কয়লাৰ ছিণ্ডিকেট নথকা অসম মুলুকত এয়া কি? স্বাভাৱিকতেই আৰক্ষী- প্ৰশাসনলৈ থাকিব সন্দেহৰ আঙুলি ৷ মানুহৰ সন্দেহ তেতিয়াহে হয় যেতিয়া কাম-কাজবিলাক সন্দেহজনক হয় ৷

লগতে পঢ়ক: আনে কৰা ভুলৰ মূল্য আৰু কিমান ভৰিব নিৰীহই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.