ETV Bharat / state

সৰুপথাৰ ৰে’ল ষ্টেচনত ভংগ ক’ভিড প্ৰট’কল

author img

By

Published : Jul 7, 2021, 2:19 PM IST

গোলাঘাট জিলাৰ সৰুপথাৰ ৰে’ল ষ্টেচনত ক’ভিড প্ৰট’কল ভংগ ৷ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীয়ে পৰিধান নকৰে মাস্ক, মানি নচলে সামাজিক দূৰত্ব ৷

SPR_covid-protocol-violation-by-passengers-at-sarupathar-railway-station-vis-ASC10084
সৰুপথাৰ ৰে’ল ষ্টেচনত যাত্ৰীৰ ভিৰ: ভংগ ক’ভিড প্ৰট’কল

সৰুপথাৰ, 7 জুলাই : ক’ভিড প্ৰট'কল ধোঁৱাচাঙত উঠাৰ উপক্ৰম গোলাঘাট জিলাৰ সৰুপথাৰ ৰে'ল ষ্টেচনত (Sarupathar Railway Station) ৷ ষ্টেচনখনত অধিকাংশ যাত্ৰীয়ে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্ব মানি নচলা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, সম্প্ৰতি নাগালেণ্ডৰ ডিমাপুৰত ৰে’ল ৰখাবলৈ অনুমতি দিয়া নাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেয়ে (NF Railway) ৷ ফলত দৈনিক যাত্ৰীৰে ভৰি পৰিছে সৰুপথাৰ ৰে’ল ষ্টেচন (Sarupathar Railway Station) ।

সৰুপথাৰত বৰ্তমান ৰঙিয়া এক্সপ্ৰেছ, অৱধ অসম, ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছৰ ষ্ট'পেজ দিয়া হৈছে ৷ অৱশ্যে অসমৰ বাহিৰৰ পৰা অহা যাত্ৰীসকলক দৈনিক স্থাস্থ্য বিভাগৰ দ্বাৰা ক’ভিড (Covid 19) পৰীক্ষা কৰা হয় বুলি ষ্টেচন কৰ্তৃপক্ষই জনাইছে ৷ উক্ত পৰীক্ষাত দৈনিক দুই তিনিজনকৈ যাত্ৰী ক’ভিড (Covid 19) পজিটিভ হোৱাৰ কথাও জনায় কৰ্তৃপক্ষই ৷

সৰুপথাৰ ৰে’ল ষ্টেচনত যাত্ৰীৰ ভিৰ: ভংগ ক’ভিড প্ৰট’কল

গোলাঘাটত বৰ্তমানলৈকে 2387 গৰাকী লোক ক’ভিড 19 (Covid 19)ত আক্ৰান্ত হোৱাৰ বিপৰীতে 1656 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ জিলাখনত এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে 2 জনকৈ লোকে ৷ আনহাতে, বুধবাৰৰ পৰা কাৰ্যকাৰী হোৱা নতুন এছ অ’ পি (SOP) অনুসৰি গোলাঘাট জিলাক সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন (full containment zone) হিচাপে ঘোষণা কৰা হৈছে ৷

গোলাঘাটত 24 ঘন্টাই বাহাল থাকিব সান্ধ্য আইন ৷ কিন্তু ইয়াৰ মাজতে সৰুপথাৰ ৰে’ল ষ্টেচনত যাত্ৰীসকলৰ মাজত সজাগতাৰ অভাৱে চিন্তিত কৰি তুলিছে অন্যান্য যাত্ৰীৰ লগতে ষ্টেচন কৰ্তৃপক্ষ আৰু সচেতন মহলক ৷

লগতে পঢ়ক- শোণিতপুৰত বুধবাৰৰে পৰা বলৱৎ লক ডাউন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.