ETV Bharat / state

Injured Kaziranga rhino Update: সন্ধান ওলাইছে কাজিৰঙাৰ আঘাতপ্ৰাপ্ত গঁড়টোৰ

author img

By

Published : Oct 11, 2022, 2:10 PM IST

Updated : Oct 11, 2022, 2:21 PM IST

অৱশেষত স্বস্তিৰ নিশ্বাস এৰিছে ৰাজ্যৰ বন বিভাগে (Injured Kaziranga rhino Update)৷ 3 দিনৰ অন্তত সন্ধান পোৱা গৈছে কাজিৰঙাৰ হালধীবাৰী এনিমেল ক’ৰিডৰত ট্ৰাকৰ খুন্দাত আহত হোৱা গঁড়টোৰ অৱস্থিতি (Injured Kaziranga rhino found) ৷

Injured Kaziranga rhino found
সন্ধান ওলাইছে কাজিৰঙাৰ আঘাতপ্ৰাপ্ত গঁড়টোৰ

কাজিৰঙা, 11 অক্টোবৰ : অৱশেষত সন্ধাল লাভ কৰা হৈছে কাজিৰঙাত গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত গঁড়টোৰ ৷ বন বিভাগৰ ড্ৰোণ কেমেৰাত বন্দী হৈছে গঁড়টোৰ অৱস্থিতি ৷ গঁড়টোৰ অৱস্থিতি পোহৰলৈ অহাত কিছু স্বস্তিৰ নিশ্বাস এৰিছে বন বিভাগৰ দলে (Injured Kaziranga rhino found) ৷ ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে সদৰী কৰিছে এই তথ্য ৷

  • An urgent update: Our Rhino friend, who met with an accident in Haldibari recently, is found to be doing good. I am sharing a drone video taken this morning.

    Urge all to be kind to our animals. Go slow while passing through corridors, where you know some animals might cross. pic.twitter.com/utgKwhUPXh

    — Himanta Biswa Sarma (@himantabiswa) October 11, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে আহত গঁড়টোক সেই স্থানৰ পৰা উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ যো-যা চলাইছে বন বিভাগৰ লোকে (Forest officers search for rhino in Kaziranga)৷ অৱশ্যে শনিবাৰৰ পৰাই যিকোনো পৰিস্থিতিৰ হকে মোকাবিলা কৰিবলৈ সক্ষম হৈ আছিল বন বিভাগ কিম্বা পশু চিকিৎসকৰ দল ৷

উল্লেখ্য যে, শনিবাৰে দিনৰ ভাগত কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত হৈছিল এটা এশিঙীয়া গঁড় (Rhinoceros injured in truck collision) ৷ তথ্য অনুসৰি, কাজিৰঙাৰ হালধীবাৰী এনিমেল ক’ৰিডৰত (Animal Corridor in Kaziranga) দ্ৰুতবেগেৰে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল WB 91 6749 নম্বৰৰ এখন ট্ৰাক ৷

সন্ধান ওলাইছে কাজিৰঙাৰ আঘাতপ্ৰাপ্ত গঁড়টোৰ

লগতে পঢ়ক : বৰ্তমানেও সন্ধান নাই কাজিৰঙাত ট্ৰাকত খুন্দাত আহত গঁড়টোৰ

চলন্ত ট্ৰাকখনৰ সন্মুখত হঠাৎ আহি পৰে এটা প্ৰকাণ্ড গঁড় ৷ ফলত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে গঁড়টোক আৰু গুৰুতৰভাৱে আহত হয় গঁড়টো ৷ এই সমগ্ৰ দৃশ্যাংশ বন্দী হৈছিল বন বিভাগে সংস্থাপন কৰা CCTV কেমেৰাত ৷ আনকি ট্ৰাকৰ খুন্দাত আহত হৈ ঘন জংঘললৈ পলাই গৈছিল আহত গঁড়টো ৷

তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল গঁড়টো ৷ শনিবাৰৰ পৰাই বন বিভাগে হাতী আৰু ড্ৰোণ কেমেৰাৰ সহায়ত হালধিবাৰী ঘন জংঘলৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত আহত গঁড়টোৰ সন্ধান অব্যাহত ৰাখিছিল (Drones deployed to trace injured Rhino in Kaziranga) । শনিবাৰৰ পৰা বন বিভাগৰে চলোৱা এই অভিযানে অৱশেষত সুফল লাভ কৰিবলৈ সক্ষম হ’ল ৷ কিয়নো মঙলবাৰে পুৱাৰ ভাগতে সন্ধান পোৱা গ’ল ট্ৰাকৰ খুন্দাত আহত গঁড়টোৰ ৷

ইফালে CCTV কেমেৰাৰ ফুটেজৰ আধাৰতে শনিবাৰেই বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । লগতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে 4 হাজাৰ আৰু বনবিভাগে পাঁচ হাজাৰ টকা মুঠ 9 হাজাৰ টকাৰ জৰিমনা বিহা বুলি জানিব পৰা গৈছিল ৷

লগতে পঢ়ক : কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

Last Updated : Oct 11, 2022, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.