ETV Bharat / state

অৱশেষত বিচাৰি পোৱা গ’ল ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়টো

author img

By

Published : Oct 9, 2022, 8:59 PM IST

Updated : Oct 9, 2022, 9:33 PM IST

rhino-hit-by-truck-in-kaziranga
অৱশেষত বিচাৰি পোৱা গ’ল ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়টো

কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়টোৱে (Rhinoceros injured in truck collision) আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৷ দেওবাৰে পুৱাৰে পৰা হাতীৰ সহায়ত ঘন জংঘলত আহত গঁড়টোক বিচাৰি অভিযান চলাইছিল কঁহৰা বনাঞ্চলৰ বনকৰ্মীয়ে ।

বোকাখাত, 9 অক্টোবৰ: কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়টোৱে (Rhinoceros injured in truck collision) সম্প্ৰতি আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৷ হালধিবাৰী এনিমেল কৰিডৰত (Haldibari Animal Corridor) পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল আহত গঁড়টোৱে । গঁড়টোৰ গতিবিধি সম্প্ৰতি নিৰীক্ষণ কৰি আছে কাজিৰঙাৰ বনকৰ্মীয়ে ৷

উল্লেখ্য যে, কাজিৰঙাৰ হালধীবাৰী এনিমেল ক’ৰিডৰত দ্ৰুতবেগেৰে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ এখন ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা গঁড়ক খুন্দা মাৰিছিল ৷ দ্ৰুতবেগত গৈ থকা ট্ৰাকখনৰ সন্মুখত হঠাৎ গঁড়টো কাজিৰঙাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ওলোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় (Rhino hit by truck in Kaziranga) ৷ ইতিমধ্যে বন বিভাগে চি চি টিভি কেমেৰাত সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত ট্ৰাকখন জব্দ কৰে ।

অৱশেষত বিচাৰি পোৱা গ’ল ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়টো

ইয়াৰ লগতে দেওবাৰে পুৱাৰে পৰা হাতীৰ সহায়ত ঘন জংঘলত আহত গঁড়টোক বিচাৰি পুৱাৰে পৰা অভিযান চলাছিল কঁহৰা বনাঞ্চলৰ বনকৰ্মীয়ে । অৱশেষত হালধিবাৰী এনিমেল কৰিডৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখা পোৱা গৈছে গঁড়টোক ৷

লগতে পঢ়ক: কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

Last Updated :Oct 9, 2022, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.