ETV Bharat / state

আছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ

author img

By

Published : Sep 13, 2020, 5:54 PM IST

আছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাত আনুষ্ঠানিকভাবে বিদায় লয় নেতাগৰাকীয়ে ।

All Assam Student's Union Leader Raju Phukam Retired From AASU
আছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ

গোলাঘাট, 13 ছেপ্তেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাবে বিদায় ল'লে ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাত আনুষ্ঠানিকভাবে বিদায় লয় নেতাগৰাকীয়ে ।

আনহাতে, প্ৰাপ্ত খবৰৰ ভিত্তিত 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নেতাগৰাকীয়ে ৷ কিন্তু কোন দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব সেয়া স্পষ্ট কৰা নাই যদিও আছুৰ বহু চৰ্চিত ৰাজনৈতিক দলৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ৰাজু ফুকনৰ ।

ইফালে, আছু ত্যাগ কৰাৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে, 'অসম প্ৰথম সদাই আৰু চিৰদিন' বুলি মন্তব্য প্ৰদান কৰি আন একো বিষয়ত মন্তব্য প্ৰদান নকৰে নেতাগৰাকীয়ে ৷ হয়তো ভবা মতে সকলো ঠিকে থাকিলে আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ'বলগীয়া ৰাজনৈতিক দলৰ প্ৰাৰ্থী হ'ব পাৰে ৰাজু ফুকন ‌। আনকি, ৰাজনৈতিক মহলত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰাজু ফুকন‌ সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ।

আছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ

উল্লেখ্য যে, ৰাজু ফুকন‌ে 1993 চনৰ পৰাই অবিৰতভাবে আছুৰ লগত জড়িত হৈ আছিল । 27 বছৰীয়া এই যাত্ৰাত বহু আন্দোলনৰ মুখামুখি হৈছিল ছাত্ৰ নেতাগৰাকীয়ে । ছাত্ৰ জীৱনত বিলগাঁৱৰ পৰা আছুৰ আঞ্চলিক সম্পাদকৰ দায়িত্ব বহন কৰি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দৰে গুৰু দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল ৰাজু ফুকনে ।

লগতে পঢ়ক : চাপৰত ৰঞ্জিৎ দাসৰ পুত্তলিকা দাহ কৰি আটছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.