ETV Bharat / state

চাপৰত ৰঞ্জিৎ দাসৰ পুত্তলিকা দাহ কৰি আটছাৰ প্ৰতিবাদ

author img

By

Published : Sep 13, 2020, 1:33 PM IST

পূব বিলাসীপাৰাৰ চাপৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ আদিবাসী লোক সকলক জনজাতিকৰণৰ পৰি বঞ্চিত কৰি ৰখাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

আটছাৰ প্ৰতিবাদ
আটছাৰ প্ৰতিবাদ

বিলাসীপাৰা, 13 ছেপ্তেম্বৰ: দেওবাৰে পূব বিলাসীপাৰাৰ চাপৰত শাসনাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ 2016 বৰ্ষৰ নিৰ্বাচনত বিজেপি দলক সমৰ্থন জনোৱাৰ পাচতো আদিবাসী লোক সকলক জনজাতিকৰণৰ পৰি বঞ্চিত কৰি ৰখাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷ বিভিন্ন জনগোষ্ঠীক স্বায়ত্বশাসিত পৰিষদ দিছে যদিও তেওঁলোকৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি, তেওঁলোকক কিয় এতিয়াও জনজাতিকৰণৰ কৰা নাই বুলি প্ৰতিবাদকাৰীসকলে প্ৰশ্ন কৰে সংবাদ মাধ্যমযোগে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোকৰাঝাৰত আহি তিনি মাহৰ ভিতৰত তেওঁলোকক জনজাতিকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও, এই পৰ্যন্ত সেইয়া কাৰ্যকৰী হৈ নুঠিল বুলিও মন্তব্য কৰে তেওঁলোকে ৷

চাপৰত ৰঞ্জিৎ দাসৰ পুত্তলিকা দাহ কৰি আটছাৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে দেওবাৰে সংবাদ মাধ্যমযোগে চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ আদিবাসী সকলক চৰকাৰে কৰা ঠগবাজৰ বাবে আগন্তুক দিনত তাৰ প্ৰত্যুত্তৰ দিবলৈ তেওঁলোক সাজু বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ যেনেদৰে বিগত নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছৰ বিৰোধিতাৰে বিজেপিক সমৰ্থন কৰি গাঁৱে-ভূঞে বাইক, চাইকেল আদিৰে ৰেলী উলিয়াইছিল, ঠিক তেনেদৰে এইবেলি তেওঁলোকে বাইক আৰু চাইকেলৰ পৰিৱৰ্তে ডাঙৰ গাড়ী লৈ বিজেপিৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, দেওবাৰে চাপৰৰ চৈবাৰীত প্ৰতিবাদকাৰী সকলে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অগপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.