ETV Bharat / state

গোলাঘাটত আটছাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 6, 2020, 3:48 PM IST

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, ভূমি পট্টা প্ৰদান, ২০ শতাংশ বোনাচৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য সকলে।

গোলাঘাটত আটছাৰ উত্তাল প্ৰতিবাদ
গোলাঘাটত আটছাৰ উত্তাল প্ৰতিবাদ

গোলাঘাট, 6 অক্টোবৰ : গোলাঘাটত শ্ৰমিকৰ ন্যায্য প্ৰাপ্য বিচাৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাটৰ ফৰকাটিং চাহ বাগিচাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখযোগ্য যে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, ভূমি পট্টা প্ৰদান, ২০ শতাংশ বোনাচৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । বাগিচাখনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক আৰু আটছা ফৰকাটিং উপ-শাখাৰ উদ্যোগত মঙল বাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইতিমধ্যে গোলাঘাটৰ বিভিন্ন চাহ বাগিচাত ধাৰাবাহিকভাৱে শ্ৰমিকসকলে ন্যায্য প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত অব্যাহত ৰাখিছে ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোলাঘাটৰ আটছা সমিতি, উপ সমিতিয়ে চাহ শ্ৰমিকৰ নিম্নতম মজুৰি 351 টকালৈ বৃদ্ধি কৰা ৷ প্ৰত্যেকখন চাহ বাগিছাত ২০ শতাংশ বোনাচ প্ৰদান কৰা। চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা, শ্ৰম আইন ১৯৫১ বাগিছাত সম্পূৰ্ণ প্ৰযোজ্য কৰা আৰু চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ শীঘ্ৰে সমস্যাৰ সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আটছা গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মিয়ে।

লগতে পঢ়ক : চিলাপথাৰৰ গাই নৈত বুৰ গ'ল 12খন ডাম্পাৰ আৰু 2 খন জেচিবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.