ETV Bharat / state

চিলাপথাৰৰ গাই নৈত বুৰ গ'ল 12খন ডাম্পাৰ আৰু 2 খন জেচিবি

author img

By

Published : Oct 6, 2020, 10:44 AM IST

চিলাপথাৰৰ লিকাবালি শিল-বালি মহলৰ গাই নৈৰ বাঢ়নী পানীত বুৰ যায় 12 খন কৈ ডাম্পাৰ আৰু 2 খন JCP বাহন ৷ বাঢ়নী পানীত উটি যোৱা দুজনক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও আন দুজনক বৰ্তমানেও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷

12 dumpers and 2 JCBs were found in Chilapathar.
চিলাপথাৰৰ গাই নৈত বুৰ গ'ল 12খন ডাম্পাৰ আৰু 2 খন জেচিবি

জোনাই,6অক্টোবৰ : অসম অৰুণাচল সীমান্তৱৰ্তী চিলাপথাৰৰ লিকাবালি শিল-বালি মহলত অঘটন ৷ সোমবাৰে পুৱা গাই নৈৰ বাঢ়নী পানীত বুৰ যায় মহলত থকা 12 খন কৈ ডাম্পাৰ আৰু 2 খন JCP ৷ এই ঘটনাত ৩ জন ডাম্পাৰ চালক উটি যায় ৷ পাহাৰৰ পৰা হঠাৎ নামি অহা পানীৰ ফলত বৃদ্ধি পাই গাই নৈৰ জলপৃষ্ঠ আৰু সংঘটিত হয় এই ভয়ানক ঘটনাটো ৷

ইফালে, এই বাঢ়নী পানীত উটি যোৱা মেনুৱেল বাসুমতাৰী নামৰ আন এজন চালকক SDRF বাহিনীয়ে জীৱন্তে উদ্ধাৰ কৰে যদিও বৰ্তমানেও আন ২ জন চালক সঞ্জীৱ মোচাহাৰী আৰু সঞ্জয় দাসৰ কোনো সন্ধান পোৱা নাই । SDRF বাহিনীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে: কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ক’লা ব্যৱসায় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.