ETV Bharat / state

Man Elephant Conflict : হাতীৰ গচকত প্ৰাণ হেৰুৱালে দুজনে

author img

By

Published : Dec 8, 2021, 12:33 PM IST

Man Elephant Conflict
হাতী মানুহৰ সংঘাত

গোৱালপাৰাত হাতী-মানুহৰ সংঘাত(Man Elephant Conflict)ৰ চূড়ান্ত ৰূপ ৷ হাতীৰ গচকত প্ৰাণ গ’ল দুজনকৈ লোকৰ ৷ বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় ৰাইজে প্ৰায় প্ৰতি নিশা পাৰ কৰিবলগীয়া হৈছে উজাগৰে ৷

গোৱালপাৰা, 8 ডিচেম্বৰ : গোৱালপাৰা জিলাত তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱে দুৰ্বিসহ কৰি তুলিছে গ্ৰামাঞ্চলৰ জনজীৱন ৷ বুধবাৰে পুৱা ৰংজুলি থানাৰ অন্তৰ্গত কুশধোৱা দেউলগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত হয় দুগৰাকী লোক ৷

মৃত লোক দুগৰাকী ক্ৰমে যামিনী মোহন খাখলাৰী (৫২) আৰু মোহিনী মোহন বসুমতাৰী (২৮) বুলি চিনাক্ত কৰা হৈছে ৷ বুধবাৰে পুৱা পথাৰলৈ ধান চাবলৈ বুলি যাওতেই বনৰীয়া হাতীয়ে খেদি খেদি হত্যা কৰে দুয়োগৰাকী লোকক ৷

সম্প্ৰতি অঞ্চলটোত বিচৰণ কৰি আছে এটা বনৰীয়া হাতীৰ জাকে ৷ মূল জাকৰ পৰা ফালৰি কাটি যোৱা দুটা হাতীয়ে কৰে লোক দুগৰাকীক ৷ যাৰ বাবে থিতাতে নিহত হয় দুয়োগৰাকী ৷ গাঁৱখনত এতিয়াও অব্যাহত আছে তীব্ৰ আতংক ৷

এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত বন বিভাগ আৰু আৰক্ষীৰ এটা দল ৷ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ৰংজুলিৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত হাতীজাক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰখা হৈছে যদিও এই পৰ্যন্ত লাভ কৰা নাই কোনো সুফল ৷ হাতীৰ জাকটোৱে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷

লগতে চাওক: Man elephant conflict : সোণাৰিৰ অসম নাগালেণ্ড সীমান্তত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.