ETV Bharat / state

Theft incident: মা কালীৰ ডিঙিৰ পৰাও গহণা নিলে চোৰে

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:19 PM IST

Updated : Oct 25, 2023, 5:19 PM IST

theft happened at sri sri maa shyama kali mandir in goalpara
মন্দিৰত নিশা চুৰিকাণ্ড

গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত নিশা চুৰিকাণ্ড । মন্দিৰৰ প্ৰৱেশদ্বাৰৰ তলা ভাঙি চোৰে লুটিলে ১৫ লক্ষাধিক টকাৰ আ-অলংকাৰ । চিচি টিভিত আৱদ্ধ সমগ্ৰ দৃশ্য ।

গোৱালপাৰা, 20 অক্টোবৰ : ৰাজ্যত মাত্ৰাধিক হাৰত বাঢ়িছে চুৰিকাণ্ড ৷ সাধাৰণ জনতাৰ অৱস্থা কাহিল কৰি দিছে চোৰ, চিলনী চোৰ, ডকাইত ইত্যাদিয়ে ৷ ঘৰ-দুৱাৰ, যিকোনো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ পিচত এতিয়া চোৰৰ কোপদৃষ্টি পৰিছে পৱিত্ৰ স্থানসমূহত ৷

দুৰ্গাপূজাৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত চুৰিকাণ্ড সংঘটিত হয় । গোৱালপাৰা শ’লমাৰীত থকা ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত হোৱা চুৰিকাণ্ডই সকলোকে হতবাক কৰি তুলিছে । মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰে এফালৰ পৰা চলালে চাফাই অভিযান । উল্লেখ্য যে, গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত শ’লমাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত চুৰিকাণ্ডৰ ঘটনাৰ পিচত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলজুৰি ৷

যোৱা নিশা ৪-৫ জনীয়া অচিনাক্ত যুৱকৰ দল এটাই মুখত ক’লা কাপোৰ বান্ধি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ গ্ৰীলৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে । ভিতৰত থকা মা-কালীৰ মূৰ্তিৰ ডিঙিত থকা সোণ-ৰূপৰ অলংকাৰসমূহ এপদ এপদ কৈ খুলি নিয়ে চোৰৰ দলটোৱে । চোৰৰ দলটোৱে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে মন্দিৰৰ চিচি টিভি কেমেৰাত । প্ৰায় ১৫ লক্ষাধিক টকাৰ আ-অলংকাৰ চোৰে লুটি লৈ যায় ।

পুৱাৰ ভাগত পূজাৰীয়ে পূজা কৰিবলৈ গৈ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ তলা ভাঙি থকা দেখি আচৰিত হৈ পৰে । পূজাৰীজনে লগে লগে মন্দিৰ পৰিচালনা সমিতিক ঘটনাৰ বিষয়ে অৱগত কৰে । পৰিচালনা সমিতিৰ লোক মন্দিৰত উপস্থিত হৈ আগিয়া আৰক্ষী থানাত খবৰ দিয়ে । আৰক্ষীৰ লোকে শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত উপস্থিত হৈ বুজ লোৱাৰ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা লোৰ ৰ’ড জব্দ কৰে । ইয়াৰ লগতে আৰক্ষীৰ লোকে মন্দিৰৰ চিচি টিভিৰ ভিডিঅ’ সংগ্ৰহ কৰে ।

চিচি টিভি ফুটেজৰ ওপৰত ভিত্তি কৰিয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । দিনটোৰ ভিতৰতে চুৰিকাৰ্য সংঘটিত কৰা চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়ে মন্দিৰ পৰিচালনা কমিটিক । মন্দিৰ পৰিচালনা কমিটীয়ে জানিবলৈ দিয়া মতে প্ৰায় ১৫ লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ আছিল মা-কালীৰ প্ৰতিমূৰ্তিত । চোৰৰ দলটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষীক আহ্বান জনাইছে সকলোৱে ।

লগতে পঢ়ক : Theft incident: সোনা মিঞাৰ দুদৰ্শা; মন্দিৰ লুটিবলৈ আহি পালেগৈ থানা

Last Updated :Oct 25, 2023, 5:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.