ETV Bharat / state

Deforestation in Goalpara: গোৱালপাৰাত আৰক্ষী-মিলিটাৰী লগত লৈ বনবিভাগে অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:31 PM IST

Updated : Nov 3, 2023, 10:21 PM IST

Deforestation in Goalpara
গোৱালপাৰাত বনবিভাগে অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ

গোৱালপাৰাত অব্যাহত আছে বনধ্বংসক লৈ বন বিভাগ আৰু স্থানীয় ৰাইজৰ বাক-বিতণ্ডা ৷ উদ্যোগ স্থাপনৰ নামত বৃহৎ পৰিমাণৰ গছ কটাৰ বিৰুদ্ধে ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ বিপৰীতে নাচোৰবান্দা বন বিভাগে জনতাৰ প্ৰতিবাদলৈ ভ্ৰুক্ষেপ নকৰি অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ ৷

গোৱালপাৰাত বনবিভাগে অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ

গোৱালপাৰা, 3 নৱেম্বৰ : ঢাক-ধোল বজাই বিশ্ববাসীক অসম চৰকাৰে জনালে যে এই চৰকাৰে প্ৰকৃতি ৰক্ষাৰ বাবে পূৰ্বে কোনেও নকৰা এটা কাম কৰিলে ৷ 47 কোটি টকা খৰচ কৰি 1 কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ড বাবে উঠি-পৰি লগা দেখা গৈছিল ৷

কিন্তু চৰকাৰখন কিমান প্ৰকৃতিপ্ৰেমী, তাৰ প্ৰকৃত স্বৰূপ উদং খাইছে গোৱালপাৰাত ৷ উদ্যোগ নিৰ্মাণ কৰি উন্নয়ণ কৰাৰ দোহাই দি নিৰ্দয়ভাৱে এফালৰ পৰা কাটি গৈছে হেজাৰ হেজাৰ শাল গছ ৷ খোদ আৰক্ষী-প্ৰশাসন, বন বিভাগৰ সহযোগিতাত প্ৰকৃতিৰ ধ্বংসলীলা অব্যাহত থকাৰ বিপৰীতে স্থানীয় ৰাইজ, বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ স্বাভাৱিকতেই স্থানীয় ৰাইজে ঔদ্যোগিক খণ্ডৰ জৰিয়তে বিকাশ বিচাৰে যদিও সেই বিকাশ প্ৰকৃতি ধ্বংসৰ দ্বাৰা হ’বলৈ নিদিয়ে ৷ বিগত বহুদিন ধৰি এইদৰে প্ৰতিবাদৰ মাজতে আৰক্ষী-মিলিটাৰীৰ বেষ্টনীৰ মাজৰে অঞ্চলটোত চৰকাৰে কাটি আহিছে হাজাৰ হাজাৰ মূল্যবান গছ ৷

লগতে পঢ়ক: Adil Hussain in Goalpara : গছ কাটি উন্নয়ন সাধনৰ নীতিক তিৰস্কাৰ অভিনেতা আদিল হুছেইনৰ

ৰাইজৰ নিৰৱিচ্চিন্ন প্ৰতিবাদক আওকাণ কৰি পুনৰ গোৱালপাৰা দহিকটাত উদ্যোগ স্থাপনৰ নামত বন-ধ্বংসযজ্ঞ চলি থকা দেখা গ’ল শুকুৰবাৰেও । অতি নিৰ্দয়ভাৱে হেজাৰ হেজাৰ ফুলকুমলীয়া শাল গছ কাটি তহিলং কৰাত শুকুৰবাৰেও ৰাইজ তথা দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল ।

উল্লেখ্য যে, মাটিয়া-মৰনৈ উদ্যোগিক বিকাশ কেন্দ্ৰ দহিকটাত ভাৰত পেট্ৰলিয়াম কো: লিমিটেড চমুকৈ BPCL নামৰ কোম্পানীটো স্থাপনৰ নামত হেজাৰ হেজাৰ শালগছ কাটি তহিলং কৰি আছে খোদ বন-বিভাগে । ফুলকুমলীয়া শাল গছবোৰ অতি নিৰ্দয়ভাৱে কটাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠি শুকুৰবাৰে পুনৰ গছকটাত বাধা প্ৰদান কৰে যদিও পুনৰ আৰক্ষী-মিলিটাৰী লগত লৈ গছ কাটিবলৈ আৰম্ভ কৰে বন-কৰ্মীৰ লগতে কোম্পানীটোৰ কৰ্মচাৰীয়ে । ইয়াকে লৈ আৰক্ষী-মিলিটাৰীৰ লগত দল-সংগঠন, ৰাইজৰ বাক-বিতণ্ডাৰো সৃষ্টি হয় ।

লগতে পঢ়ক : Deforestation in Goalpara : এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ

Last Updated :Nov 3, 2023, 10:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.