ETV Bharat / state

Deforestation in Goalpara : এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:50 PM IST

Updated : Oct 13, 2023, 10:40 PM IST

Deforestation in Goalpara
গোৱালপাৰাত বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ

এফালে গছপুলি ৰুই বিশ্ব ৰেকৰ্ডৰ চখ, আনফালে বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ ৷ স্পষ্ট হ’ল বাহিৰে ৰংচঙীয়া বিজেপি চৰকাৰৰ কোৱাভাতুৰী ৰূপ ৷

গোৱালপাৰাত বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ

গোৱালপাৰা, 13 অক্টোবৰ: শেহতীয়াকৈ হঠাৎ বিশ্ব ৰেকৰ্ডৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হ’ল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ ৷ বিহুৰ পৰা গছপুলি ৰোপণলৈকে সকলোতে অসমক জিলিকাই তোলাৰ নামত বিজেপি চৰকাৰে কেৱল ক্ৰেডিট লোৱাৰ বাবে উঠি-পৰি লগা দেখা গৈছে ৷ একেলগে অভিলেখ সংখ্যক বিহুৱা-নাচনীৰ প্ৰদৰ্শনেৰে গীনিজ বুক অব্ ৰেকৰ্ডচত অসমৰ নাম খোদিত হোৱাত কেউদিশে হাত তালি পৰিল, তাতে উৎসাহিত হৈ গছপুলি ৰোপণ কৰিও বিশ্ব ৰেকৰ্ড গঢ়াৰ সপোন দেখিলে অসম চৰকাৰে ৷ পৰৱৰ্তী সময়ত ক’ৰবাত গছৰ ডাল, ক’ৰবাত ঘোঁৰা নিমৰ পুলি বিলাই কাৰ্যসূচীৰ নাম দিলে অমৃত বৃক্ষ আন্দোলন ৷ যেন একেদিনাই গোটেই অসম অৰণ্য বনাই দিব বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৷ চমক সৃষ্টিৰ বাবে হ’লেও গছপুলি ৰোপনৰ কাৰ্যসূচী স্বাভাৱিকতেই প্ৰশংসনীয় ৷ তাকো একেদিনাই ৰোপণ কৰা হ’ল লাখ লাখ পুলি ৷ সেইখিনিলৈকে ঠিকেই আছিল ৷

কিন্তু গোৱালপাৰাৰ দহিকটাত উদ্যোগ স্থাপনৰ নামত চলোৱা হৈছে বন ধ্বংসযজ্ঞ । অতি নিৰ্দয়ভাৱে এফালৰ পৰা তহিলং কৰা হৈছে ফুলকুমলীয়া শাল গছ ৷ তাকো খোদ বন বিভাগৰ নেতৃত্বত । জিলাখনৰ মৰনৈত BPCL নামৰ এটা উদ্যোগ স্থাপনৰ নামত বন ধ্বংস যজ্ঞত নামিছে একাংশ বনদস্যু । দহিকটা সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা কাটি ধ্বংস কৰিছে ফুলকুমলীয়া শাল গছবোৰ । উল্লেখ্য যে, কোম্পানীটো স্থাপনৰ নামত হেজাৰ হেজাৰ শালগছ কাটি তহিলং কৰিছে খোদ বন-বিভাগে । অতি নিৰ্দয়ভাৱে ফুলকুমলীয়া গছ কটাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে ৷ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি গছ কটা বন্ধ কৰি দিয়ে যদিও পুনৰ গছ কাটিবলৈ আৰম্ভ কৰে বন-কৰ্মীৰ লগতে কোম্পানীটোৰ কৰ্মচাৰীয়ে । উত্তেজিত ৰাইজে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে চৰকাৰে এইটো স্পষ্ট কৰি দিয়ক যে গছ কাটিব লাগে নে সংৰক্ষণ কৰিব লাগে ?

ইফালে প্ৰকৃতি ৰক্ষাৰ বেশ ধৰা বন বিভাগৰ কৃপাত বনধ্বংস অব্যাহত থকা দহিকটা সংৰক্ষিত বনাঞ্চল হৈছে বন্যহস্তীৰ আশ্ৰয়স্থলী । বৰ্তমানেও বন্যহস্তীৰ এটা বৃহৎ জাকে দহিকটা বনাঞ্চলত আশ্ৰয় লৈ আছে । উদ্যোগ স্থাপনৰ নামত এনেদৰে সংৰক্ষিত বনাঞ্চলৰ গছসমূহ কাটি তহিলিং কৰি বন্যহস্থীৰ আশ্ৰয়স্থল শেষ কৰিলে নিশ্চিতভাৱে হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিব । বন্যহস্থীৰ ক’ৰিডৰ বন্ধ কৰি উদ্যোগ স্থাপন কৰা কাৰ্যক কোনো পধ্যেই মানি লোৱা নহ’ব বুলিও সকীয়াই দিছে স্থানীয় ৰাইজে ।

যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোটিৰ ঘৰত গছপুলি ৰুই বিশ্ব ৰেকৰ্ড গঢ়াৰ সপোনত মচগুল হৈ আছে, সেই সময়তে গোৱালপাৰাত উদ্যোগ স্থাপনৰ নামত সংঘটিত এনে কাণ্ডই বাহিৰে ৰংচঙীয়া, ভিতৰি কোৱাভাতুৰী ৰূপটোকে উদঙাই দিছে ৷

লগতে পঢ়ক: Scooty to Teachers in Assam: কেৱল ছাত্ৰীয়েই নহয়, শিক্ষক-শিক্ষয়িত্ৰীয়েও লাভ কৰিব স্কুটী

Last Updated :Oct 13, 2023, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.