ETV Bharat / state

Scooty to Teachers in Assam: কেৱল ছাত্ৰীয়েই নহয়, শিক্ষক-শিক্ষয়িত্ৰীয়েও লাভ কৰিব স্কুটী

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:57 PM IST

শুকুৰবাৰে তেজপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে চাইকেল বিতৰণৰ কাৰ্যসূচী ৷ শিক্ষামন্ত্ৰীৰ শলাগ লৈ শিক্ষকক দিলে সকিয়নী৷ শিক্ষকক স্কুটী প্ৰদানৰ কথা উল্লেখ কৰি শিক্ষক সমাজৰ সহযোগিতা বিচাৰে মুখ্যমন্ত্ৰীয়ে৷ শীঘ্ৰেই পুনৰ শিক্ষকৰ পদ ওলোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইজাইলত আৱদ্ধ অসমীয়াক ভাৰত চৰকাৰৰ উদ্যোগত উদ্ধাৰৰ কথা জানিবলৈ দিয়ে ৷

Scooty to Teachers in Assam
তেজপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তেজপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তেজপুৰ, ১৩ অক্টোবৰ : এতিয়াৰে পৰা কেৱল ছাত্ৰীয়েই নহয়, শিক্ষকেও লাভ কৰিব স্কুটী ৷ দূৰণিবটীয়া হ'লে আৱেদন কৰিব পাৰিব আৰু আৱেদনৰ ভিত্তিত শিক্ষা বিভাগে নিৰ্দিষ্ট শিক্ষকক প্ৰদান কৰিব স্কুটী৷ তেজপুৰত নৱম মানৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰি এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷ মুঠতে সময়ত সকলো বিদ্যালয়ত উপস্থিত হ'বই লাগিব ৷ ছাত্ৰ-ছাত্ৰীৰ দৰে শিক্ষকসকলো সমানে উপস্থিত হ'ব লাগিব ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি নৱম মানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক সমগ্ৰ ৰাজ্যতে চাইকেল বিতৰণ কৰা হয়৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নিজ হাতে ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ আঁচনি অনুসৰি ৰাজ্যৰ সৰ্বমুঠ ৩,৬৯,৪৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব চাইকেল৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যয় কৰিব ১৬০,৯৩,৪১,৬২৪ টকা ৷ শোণিতপুৰ জিলাত চাইকেল লাভ কৰিবলৈ সক্ষম হৈছে মুঠ ১২,৪৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে চাইকেল হাতত তুলি দি ভৱিষ্যতে পিতৃ-মাতৃৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰাৰ লগতে ভালদৰে পঢ়া-শুনা কৰি নিজকে গঢ় দিবলৈ আহ্বান জনায় ৷ আনহাতে মঞ্চত উপস্থিত থকা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে কয়- যদিহে চাইকেল প্ৰদানৰ নামত কোনোবাই এটকাও ছাত্ৰ-ছাত্ৰীৰ পৰা আদায় লয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ প্ৰয়োজনত এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰীলৈ চিঠি লিখি প্ৰেৰণ কৰিবলৈ আহ্বান জনায় ৷

ইফালে, ৰাজ্যৰ শিক্ষক সমাজক চৰকাৰ তথা শিক্ষা বিভাগে বান্ধি দিয়া নিয়মাৱলী পালন কৰিবলৈ আহ্বান জনাই শিক্ষাসেতু এপ্লিকেশ্যনৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক অসমৰ ইতিহাসে মনত ৰাখিব বুলি শলাগ লয় ৷ তাৰোপৰি, অতি কম দিনৰ ভিতৰতে আৰু ১০ হেজাৰ শিক্ষক পদ ওলাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আন্দোলনৰ জৰিয়তে কোনো কামৰ সমাধান নহয় বুলি মন্তব্য কৰে ৷

ইয়াৰোপৰি, ইজৰাইলত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৪০/৫০ গৰাকী অসমৰ ব্যক্তি যি আৱদ্ধ হৈ আছে, তেওঁলোকক আজিৰে পৰা ভাৰত চৰকাৰৰ উদ্যোগত উদ্ধাৰ কৰি অনাৰ ব্যৱস্থা লৈছে বুলি সদৰী কৰে ৷ আজিৰ এই চাইকেল প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুসহ শোণিতপুৰ জিলাৰ অন্তৰ্গত কেউজন বিধায়ক ৷

লগতে পঢ়ক: Demand for land patta in Guwahati : গুৱাহাটীৰ পাহাৰত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ কি হ'ব ভৱিষ্যৎ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.