ETV Bharat / state

সংকটত অসম: বানৰ সমান্তৰালৈ বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : May 19, 2022, 8:35 PM IST

Elephant man conflict
সংকটত অসম: বানৰ সমান্তৰালৈ বন্যহস্তীৰ তাণ্ডৱ

বানৰ বিভীষিকাই সমগ্ৰ ৰাজ্যবাসীক জোঁকাৰি থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি বন্যহস্তীৰ তাণ্ডৱে দুগুণে বৃদ্ধি কৰিছে আতংক (Elephant man conflict) ৷ ৰাজ্যৰ কেইবাখনো জিলাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়াবহ ৰূপ ৷

নিউজ ডেস্ক: বানৰ বিভীষিকাই(Flood in Assam) সমগ্ৰ ৰাজ্যবাসীক জোঁকাৰি থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি বন্যহস্তীৰ তাণ্ডৱে দুগুণে বৃদ্ধি কৰিছে আতংক ৷ ৰাজ্যৰ কেইবাখনো জিলাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়াবহ ৰূপ (Man elephant conflict)৷

গোৱালপাৰাত বিগত তিনি বছৰত ২৫ জনতকৈ অধিক লোক বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে বিনষ্ট হৈছে বহু ঘৰ-দুৱাৰ, সা-সম্পত্তি ৷ তথাপিও গা লৰা নাই বন বিভাগৰ ৷ বুধবাৰে নিশাও গোলাপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন ১৬ বছৰীয়া যুৱকৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে পুৱতি নিশাও চলিল বন্যহস্তীৰ আক্ৰমণ (Youth dead in elephant attack in Goalpara)৷ হাতীৰ আক্ৰমণত এজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ চাৰি ঘণ্টা পিছতহে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

সংকটত অসম: বানৰ সমান্তৰালৈ বন্যহস্তীৰ তাণ্ডৱ

লখিমপুৰবাসীকো লগ এৰা নাই বিপদে । বানপানীয়ে লখিমপুৰবাসীক ত্ৰাহি মধূসুদন দেখুৱাই থকাৰ সমান্তৰালকৈ বন্যহস্তীয়েও চলাই আছে উপদ্ৰৱ ৷ বুধবাৰে নিশা লখিমপুৰৰ ঢেকিয়াজুলিৰ এখন ঘৰত বন্যহস্তীয়ে চলালে উপদ্ৰৱ৷ পদুমী হাজৰিকা নামৰ এগৰাকী মহিলাৰ বাসগৃহত বন্যহস্তীয়ে তাণ্ডৱ চলাই লণ্ডভণ্ড কৰে ঘৰটো৷ হাতীৰ এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে পদুমী হাজৰিকাৰ লগতে পুত্ৰৰ ৷ কলিয়াবৰতো অব্যাহত আছে অনুৰূপ পৰিস্থিতি ৷ বন্যহস্তীৰ আতংকই টোপনি হৰিছে সোণাৰী-কামাখ্যা অঞ্চলৰ ৰাইজৰ ৷

বুধবাৰে নিশা নেৰা-নেপেৰা বৰষুণৰ মাজতে বন্যহস্তীয়ে চলালে তাণ্ডৱ । বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে এটা অংগনৱাড়ী কেন্দ্ৰ ৷ সোণাৰী-কামাখ্যা অংগনৱাদী কেন্দ্ৰৰ বুজন পৰিমাণৰ চাউল নষ্ট কৰাৰ লগতে আন এখন ঘৰৰো ভঁড়াল ভাঙে বন্যহস্তীয়ে । স্থানীয় লোকৰ অভিযোগ- খবৰ দিয়াৰ পাছতো শুই থাকে বন বিভাগৰ লোক ৷ বান আৰু বন্যহস্তীৰ উপদ্ৰৱ, এই দুয়োটা সমস্যাই দীৰ্ঘদিনীয়া ৷ কিন্তু ইয়াৰে এটাৰো সমাধানসুত্ৰ নোলাল অ'তদিনে ৷ কি জলসম্পদ বিভাগ, কি বন বিভাগ৷ বিভাগ সুকীয়া হ’ব পাৰে, কিন্তু চৰিত্ৰগত বৈশিষ্ট একেই ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া: মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত বৰপেটাৰ কেইবাখনো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.