ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান

author img

By

Published : Sep 27, 2020, 12:29 PM IST

Updated : Sep 27, 2020, 1:05 PM IST

Ex Minister Dildar Rezza passed away
Ex Minister Dildar Rezza passed away

12:18 September 27

বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ 65 বছৰ বয়সত মৃত্যু ৷ ১৯৯১ চনত অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ৪৫ নম্বৰ বাঘবৰ সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল ৷ হিতেশ্বৰ শইকীয়া মন্ত্ৰী সভাৰ চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৰেজ্জা ।

গোৱালপাৰা, 27 ছেপ্টেম্বৰ : বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক, গৃহ বিভাগৰ সংসদীয় সচিব তথা চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জা আৰু নাই । দীৰ্ঘদিনৰ পৰা মধুমেহ আৰু বৃক্ক জনিত ৰোগত ভুগি আছিল দিলদাৰ ৰেজ্জাই । অৱশেষত গুৱাহাটী ইন্টাৰনেশ্যনেল হাস্পতালৰ আইচিইউত চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ ।  

চৰাঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰয়াত ৰেজ্জাই ১৯৯১ চনত অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ৪৫ নম্বৰ বাঘবৰ সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল ৷ হিতেশ্বৰ শইকীয়া মন্ত্ৰী সভাৰ চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৰেজ্জা । তদুপৰি ২০০১ আৰু ২০০৬ চনৰ নিৰ্বাচনত ক্ৰমাগত ভাৱে দ্বিতীয় আৰু তৃতীয় বাৰৰ বাবে পুনৰ ৰেজ্জা বাঘবৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ২০০৬ বৰ্ষত তেখেত, তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী সভাত গৃহ বিভাগৰ সাংসদীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল৷  

২০০৬ বৰ্ষত তৃতীয় বাৰৰ বাবে বাঘবৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ গৃহ বিভাগৰ সাংসদীয় সচিব পদ অলংকৃত কৰিলেও তৃতীয়টো কাৰ্যকালৰ অধিক সময় ৰেজ্জাই স্বাস্থ্যজনিত সমস্যাত ভুগি থাকে । বহল হৃদয়ৰ নেতা হিচাপে পৰিচিত দিলদাৰ ৰেজ্জা বাকপটুতা তথা দয়ালু গুণৰ বাবে সমষ্টিৰ কংগ্ৰেছী মহলৰ লগতে বৰপেটাবাসীৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছিল । তেখেতৰ মৃত্যুত বাঘবৰ সমষ্টিৰ লগতে সমগ্ৰ চৰাঞ্চল বাসী শোকস্তব্ধ হৈ পৰিছে । মৃত্যুৰ সময়ত আব্দুল ৰেজাৰ বয়স আছিল 65 বছৰ ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি ; বন্ধ হ’ল নিমাতীঘাট ফেৰী সেৱা

Last Updated : Sep 27, 2020, 1:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.