ETV Bharat / state

গোৱালপাৰাত CRPF ৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Jul 27, 2021, 8:13 PM IST

CRPF Raising Day
গোৱালপাৰাত পালন CRPFৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি CRPF ৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ গোৱালপাৰাৰ ১৫২ নম্বৰ CRPF বেটালিয়ানে পালন কৰে এই দিৱসটি ৷

গোৱালপাৰা, ২৭ জুলাই : মঙলবাৰে দেশজুৰি পালন কৰা হয় কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস (CRPF Raising Day)। অসমৰো বিভিন্ন প্ৰান্তত পালন কৰা হৈছে এই দিৱস । গোৱালপাৰাত ১৫২ নং CRPF বেটালিয়ানে এই দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

১৫২ নং বেটালিয়ানৰ শাস্ত্ৰী নগৰস্থিত কেম্পত ক'ভিড প্ৰট'কল (Covid protocol) পালন কৰি আয়োজন কৰা হয় ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে পুৱাৰ পৰা বেটালিয়ানৰ জোৱানসকলে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় । কাৰ্যসূচী অনুসৰি, কমাণ্ডেণ্ট দেৱশংকৰ মিশ্ৰই শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশ লোৱাৰ পিছতে পদাধিকাৰীসকলে একাদিক্ৰমে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছত বিগত দিনত বিভিন্ন সময়ত শ্বহীদ হোৱা জোৱানসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।

গোৱালপাৰাত CRPF ৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰে কমাণ্ডেণ্টগৰাকীয়ে । লগতে জোৱানসকলক উদ্দেশ্যি প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে । CRPF ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বেটালিয়ান কেম্পত এক গছপুলি ৰোপণৰ কাৰ্যসূচীও অনুষ্ঠিত হয় ।

প্ৰতিষ্ঠা দিৱস উপলক্ষে মাহজোৰা কাৰ্যসূচীৰে দহ সহস্ৰাধিক গছপুলি ৰোপণৰ অন্তিম দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী গোৱালপাৰা জিলাৰ মাটিয়াত পালন কৰাৰ কথা প্ৰকাশ কৰে CRPF ৰ কমাণ্ডেণ্টগৰাকীয়ে । ইফালে Central Reserve Police Force ৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi) । এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে চিআৰপিএফৰ জোৱানসকলক তেওঁলোকৰ বীৰত্ব আৰু পেছাদাৰীত্বক প্ৰশংসা কৰে ৷

লগতে পঢ়ক: কেতিয়া অন্ত পৰিব সীমা বিবাদ: কি কয় মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.