ETV Bharat / state

Anganwadi Workers Protest: গোৱালপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : May 26, 2023, 9:04 PM IST

গোৱালপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ ৷ বিভিন্ন দাবীৰে গোৱালপাৰাৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল অংগনৱাড়ী কৰ্মী-সহায়িকা (Protest in Goalpara) ।

Protest in Goalpara
প্ৰতিবাদত বহিল অংগনৱাড়ী কৰ্মী-সহায়িকা

গোৱালপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

গোৱালপাৰা, 26 মে’: প্ৰাপ্য বিচাৰি গোৱালপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ ৷ দীর্ঘদিন ধৰি চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকল। নিজৰ প্ৰাপ্য বিচাৰি অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে ধাৰাবাহিক প্ৰতিবাদ কৰি অহাৰ পাচতো কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে ৷ যাৰ বাবে ৰাজপথত প্ৰতিবাদত সাব্যস্ত কৰিব লগীয়া হৈছে তেওঁলোকে ৷ শুকুৰবাৰে গোৱালপাৰোতো দেখা গ’ল হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ (Anganwadi Workers and Helpers Holds Protest) ৷

দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত গোৱালপাৰাৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল অংগনৱাড়ী কৰ্মী-সহায়িকা । জিলাখনৰ প্ৰায় সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই সাব্যস্ত কৰা প্ৰতিবাদত কঁপি উঠিল গোৱালপাৰা চহৰ ৷ মজুৰি দিব নোৱাৰিলে ১০ হেজাৰকৈ মাননী দিয়াৰ বাবে চৰকাৰক দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়া, মাননিৰ সলনি মজুৰি দিয়া, সকলো অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকাক এককালীন সাহাৰ্য প্ৰদান কৰা, প্ৰতিটো অংগনৱাড়ী কেন্দ্র উন্নত কৰাৰ লগতে আন্তঃগাঠনি পৰিপূৰ্ণ কৰা, ক্ষুদ্র অংগনৱাড়ী কেন্দ্র সমূহ পূৰ্ণাংগ কেন্দ্রলৈ উন্নীত কৰাৰো দাবী জনায় (Anganwadi Workers Protest) ৷

আনহাতে বৰ্তমান আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত মাত্ৰ ৬ হেজাৰ ৫ শ টকাৰে কেনেকৈ চলিব পাৰে হিমন্ত বিশ্ব শৰ্মা আহি আমাক দেখুৱাই দিয়ক বুলিও প্ৰশ্ন কৰে প্ৰতিবাদী কৰ্মী-সহায়িকাসকলে ৷ কৰ্মী-সহায়িকাসকলৰ দাবী মানি নললে এই আন্দোলন অব্যাহত থাকিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে (Protest in Goalpara) ৷

ইফালে প্ৰতিবাদস্থলীত প্ৰতিবাদৰ মাজতে স্মাৰক পত্ৰ দিবলৈ গৈ সৃষ্টি হ’ল এক উত্তেজনাময় পৰিস্থিতিৰ ৷ কৰ্তব্যৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ স্মাৰক পত্ৰ ফালি পেলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ এই ঘটনাত সন্থাৰ জিলাৰ সভানেত্ৰী জয়মতী দাস হাতত আঘাতপ্ৰাপ্ত হয় বুলিও জানিব পৰা গৈছে ৷ ইয়াৰ পিচতে উত্তপ্ত হৈ পৰে প্ৰতিবাদস্থলী ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াৰ হস্তক্ষেপত শান্ত হৈ পৰে পৰিস্থিতি (Anganwadi Workers and Helpers Protest in Goalpara) ৷

লগতে পঢ়ক: Anganwadi Workers Protest: অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত কঁপিল লখিমপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.