Anganwadi Workers Protest: অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত কঁপিল লখিমপুৰ

author img

By

Published : May 26, 2023, 4:45 PM IST

Anganwadi Workers and Helpers Protest

লখিমপুৰৰ ৰাজপথত হেজাৰ হেজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ ৷ প্ৰাপ্য বিচাৰি হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাই কঁপালে লখিমপুৰ ৷ প্ৰতিবাদী সমদল উলিয়াই লখিমপুৰ নগৰ উত্তাল কৰি তোলাৰ লগতে কঁপাই তোলে জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় (Anganwadi Workers and Helpers Protest) ৷

লখিমপুৰত হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

লখিমপুৰ, 26 মে’: দীর্ঘদিন ধৰি চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে অংগনৱাড়ী কৰ্মী-সহায়িকা সকল। নিজৰ প্ৰাপ্য বিচাৰি অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে ধাৰাবাহিক প্ৰতিবাদ কৰি অহাৰ পাচতো কাণসাৰ নাই চৰকাৰৰ ৷ যাৰ বাবে বাৰে বাৰে ৰাজপথত প্ৰতিবাদত নামিব লগীয়া হৈছে তেওঁলোক ৷ শুকুৰবাৰে লখিমপুৰৰ ৰাজপথত দেখা গ’ল হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ (Anganwadi Workers and Helpers Protest in Lakhimpur) ৷

প্ৰাপ্য বিচাৰি হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাই কঁপালে লখিমপুৰ ৷ ধৰ্ণা, প্ৰতিবাদী সমদলেৰে উত্তাল কৰি তুলিলে লখিমপুৰ নগৰ ৷ তেওঁলোকৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে প্ৰতিবাদী সমদল কৰি লখিমপুৰ নগৰ উত্তাল কৰি তোলাৰ লগতে কঁপাই তোলে জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় (Anganwadi Workers and Helpers Protest) ৷

দুপৰীয়া লখিমপুৰ নগৰৰ ত্যাগক্ষেত্রৰ পৰা নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকা জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় ৷ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয়ত ধৰ্ণা দি কাৰ্যালয়টোৰ চৌহদ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ৷ লগতে জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াৰ জৰিয়তে সমাজ কল্যাণ বিভাগৰ মন্ত্রীলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্র প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে (Anganwadi Workers Protest) ৷

উল্লেখ্য যে,অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে সামান্য মাননিৰে বৰ্তমান কাম কৰিব লগীয়া হৈছে ৷ তেওঁলোকে মাননি বৃদ্ধি কৰাকে ধৰি বিভিন্ন দাবী জনাই আহিছে যদিও চৰকাৰে এই দাবী বৰ্তমানেও পূৰণ কৰা নাই ৷ স্মাৰক পত্রৰ জৰিয়তে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়া, মাননিৰ সলনি মজুৰি দিয়া, মজুৰি দিব নোৱাৰালৈকৈ দহ হেজাৰ টকাকৈ মাননি দিয়া, সকলো অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকাক এককালীন সাহাৰ্য প্ৰদান কৰা, প্ৰতিটো অংগনৱাড়ী কেন্দ্র উন্নত কৰাৰ লগতে আন্তঃগাঠনি পৰিপূৰ্ণ কৰা, ক্ষুদ্র অংগনৱাড়ী কেন্দ্র সমূহ পূৰ্ণাংগ কেন্দ্রলৈ উন্নীত কৰাৰ দাবী জনায় ৷ চৰকাৰে এই দাবী তৎকালীন ভাৱে পূৰণ নকৰিলে ইয়াতকৈও কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে (Protest in Lakhimpur) ৷

লগতে পঢ়ক: Protest at Namti Boys HS School:নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তাল পৰিৱেশ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.