ETV Bharat / state

গোৱালপাৰাৰ পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 4:55 PM IST

Goalpara Eviction
গোৱালপাৰাৰ পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান

Goalpara Eviction: গোৱালপাৰাত চলিল বন বিভাগৰ বুলড’জাৰ ৷ পঞ্চৰত্নত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহত চলিল চৰকাৰী বুলড’জাৰ । পৰিয়ালসমূহক বনবিভাগে নিজেই ঘৰ ভাঙি আঁতৰি যাবলৈ কৈছিল যদিও সেয়া নকৰাত মঙলবাৰে বন বিভাগে চলালে বুলড’ডজাৰ ৷

গোৱালপাৰাৰ পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান

গোৱালপাৰা, 10 জানুৱাৰী: গোৱালপাৰাৰ পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান । পঞ্চৰত্ন ৪৬ নং ৰাজ্যিক ঘাইপথৰ দুয়ো কাষত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহত চলিল চৰকাৰৰ বুলড’জাৰ । চকুৰ সন্মুখতে নিজৰ ঘৰটো ভঙাৰ দৃশ্য দেখি উচুপি উঠিল উচ্ছেদিত পৰিয়ালসমূহ ।

বুধবাৰে গোৱালপাৰাৰ পঞ্চৰত্নত চলিল উচ্ছেদ অভিযান । গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত পঞ্চৰত্নত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহত চলিল চৰকাৰী বুলড’জাৰ । উল্লেখ যে গোৱালপাৰা চহৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পঞ্চৰত্নত ৪৬ নং ৰাজ্যিক ঘাইপথৰ দুয়ো কাষেৰে থকা প্ৰায় অৰ্ধশতাধিক পৰিয়ালক এক সপ্তাহ পূৰ্বে নিজৰ ঘৰসমূহ ঘৰ ভাঙি লৈ যাবলৈ বন বিভাগে জাননী জাৰি কৰিছিল ।

বন বিভাগৰ জাননীৰ প্ৰতি সঁহাৰি জনাই একাংশই নিজৰ নিজৰ ঘৰ-বাৰী ভাঙি নদীৰ পাৰত আশ্ৰয় লৈছে । আন একাংশ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয় দাৰস্থ হয় আৰু উচ্চ ন্যায়ালয়ে উচ্ছেদ স্থগিত ৰখাৰ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰে যদিও বন বিভাগে ন্যায়ালয়ৰ আদেশৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি বুধবাৰে প্ৰায় দুই শতাধিক আৰক্ষী-অৰ্ধ সামৰিক বাহিনীক লগত লৈ এফালৰ পৰা চৰকাৰী বুলড’জাৰ লগাই ঘৰ-বাৰী ভাঙি দিয়ে ।

উচ্ছেদিত পৰিয়ালৰ অভিযোগ অনুসৰি বন বিভাগে বৈষম্যমূলকভাৱে উচ্ছেদ কৰি আছে । ৫০/৬০ বছৰ ধৰি বসবাস কৰি অহা পৰিয়ালসমূহক এনেধৰণে উচ্ছেদ কৰা কাৰ্যক ধিক্কাৰ জনায় উচ্ছেদিত লোকে ।

ইপিনে উচ্ছেদক লৈ গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জাকিৰ হুছেইনে কয় যে উচ্ছেদিত লোকসকল হৈছে ভাৰতীয় নাগৰিক । গতিকে ভাৰতীয় নাগৰিকক এইদৰে অমানৱীয়ভাৱে কৰা উচ্ছেদ বন্ধ কৰিব লাগে । অতি শীঘ্ৰে উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: ৰে’ল বিভাগৰ উচ্ছেদক লৈ মৰিয়নীত উত্তপ্ত পৰিস্থিতি; ৰে’লৰ আগত পৰি প্ৰাণ দিয়াৰ হুংকাৰ ভুক্তভোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.