ETV Bharat / state

ডিমা হাছাও জিলাত অচল পানী যোগান আঁচনি

author img

By

Published : May 31, 2022, 8:00 PM IST

Irrigation
ডিমা হাছাও জিলাত অচল পানী যোগান আঁচনি

প্ৰকৃতিৰ ৰোষত ডিমা হাছাও । বানপানী আৰু ভূমিস্খলনৰ ফলত অচল জিলাখনৰ পানী যোগান আঁচনি (Water supply scheme destroyed due to natural calamities)। ৩৫ খনকৈ পানী যোগান আঁচনি সম্পূৰ্ণৰূপে ধ্বংস । হাফলঙৰ ৰাইজক পানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকাৰী বিভাগে দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে ।

ডিমা হাছাও, ৩১ মে' : শেহতীয়াকৈ বানপানী আৰু ভূমিস্খলনত বিস্তৰ ক্ষতি হৈছে অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ (Flood and landslide in Dima Hasao)। বহু গুৰুত্বপূৰ্ণ বাট-পথ ধ্বংসস্তুপত পৰিণত হৈছে । ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈছে বহু লোক । বহু চৰকাৰী সম্পত্তিও ধ্বংসস্তুপত পৰিণত হৈছে ।

জানিব পৰা মতে ডিমা হাছাও জিলাত এই সময়চোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩৫ খন আঁচনি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে (35 water supply schemes destroyed in Dima Hasao)। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যব্ৰত নাথে এই কথা সদৰি কৰে । মঙলবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাফলং ডিভিচনৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়ে যে যোৱা ১৪ মে'ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু আঁচনি বিধস্ত হৈ পৰিছে (Water supply scheme destroyed due to natural calamities)। তেওঁ কোৱা মতে বিশেষকৈ হাফলঙৰ পানী যোগান আঁচনিৰ প্ৰকল্প বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ।

কাৰ্যবাহী অভিযন্তাগৰাকীয়ে জনোৱা মতে হাফলং চহৰৰ বাবে প্ৰায় ১৭ কিলোমিটাৰ দূৰত থকা জাতিংগা পাহাৰৰ পৰা ৬ ইঞ্চি জিআই পাইপৰ জৰিয়তে পানী অনা হয় । ইয়াৰ বাবে আছে দুখন গ্ৰেভিটি লাইন । কিন্তু ভূমিস্খলনৰ ফলত মুঠ ২৫ টা স্থানত এই দুখন গ্ৰেভিটি লাইন সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছে ।

জাতিংগাৰ পৰা দুখন গ্ৰেভিটি লাইনৰ মাজতে এখন গ্ৰেভিটি লাইনৰ মেৰামতিৰ কাম মঙলবাৰে নিশাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে । তেওঁ জানিবলৈ দিয়া মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীসকলে হাফলং চহৰৰ পানী যোগান ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে যথেষ্ট পৰিমাণে পৰিশ্ৰম কৰি আছে । এখন গ্ৰেভিটি লাইন কৰ্মক্ষম হৈ উঠিলে দ্বিতীয় লাইনটো অহা শনিবাৰৰ ভিতৰত কৰ্মক্ষম হৈ উঠাৰ সম্ভাৱনা আছে । তেওঁ কোৱা মতে ভূমিস্খলন আৰু বানৰ তাণ্ডৱত চংপিজন আৰু কৃষ্ণ নগৰ পাম্প ষ্টেচন ক্ষতিগ্ৰস্ত হোৱাৰ বাবে এই দুটা পাম্প ষ্টেচন বন্ধ আছে ।

ইয়াৰে কৃষ্ণ নগৰ পাম্প ষ্টেচন অতিশীঘ্ৰে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে । লগে লগে হাফলং চহৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে আংশিকভাৱে পানী যোগান ধৰিবলৈ সক্ষম হ'ব বুলি তেওঁ মন্ত্যব কৰে । তেওঁ উল্লেখ কৰা মতে বৰ্তমান হাফলং চহৰত থকা বিভিন্ন আশ্ৰয় শিবিৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাহনৰ জৰিয়তে পানীৰ যোগান ধৰি থকা হৈছে ।

লগতে পঢ়ক :দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৰ স্মৃতি বিজড়িত তেজপুৰৰ এজোপা কঁঠাল গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.