ETV Bharat / state

সন্তোষ হোজাই হত্য়াকাণ্ডৰ নতুন মোৰ

author img

By

Published : Dec 27, 2020, 5:11 PM IST

সন্তোষ হোজাই হত্যাৰ ঘটনাই লৈছে নতুন মোৰ । চিআইডি-ৰ জালত পৰিল আৰু দুই গৰাকী অসম আৰক্ষীৰ জোৱান । সন্তোষ হোজাই হত্যাৰ অভিযোগত চিআইডিয়ে মুঠ ৪ গৰাকী অসম আৰক্ষীৰ জোৱানক গ্ৰেপ্তাৰ কৰে ।

সন্তোষ হোজাই হত্য়াকাণ্ডৰ নতুন মোৰ
সন্তোষ হোজাই হত্য়াকাণ্ডৰ নতুন মোৰ

ডিমা হাছাও , 27 ডিচেম্বৰ : ডিমা হাছাও জিলাৰ হাৰেংগাজাওৰ বাসিন্দা সন্তোষ হোজাইৰ হত্য়াকাণ্ডৰ তদন্তত প্ৰতিদিনে নতুন নতুন তথ্য় লাভ কৰিছে চিআইডিয়ে । পুনৰ অনুসন্ধানকাৰী দলটোৰ জালত পৰিল আন দুগৰাকী আৰক্ষী । ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগত শনিবাৰে অসম আৰক্ষীৰ দুই জোৱানক গ্ৰেপ্তাৰ কৰে চিআইডিয়ে । অসম আৰক্ষী বেটেলিয়ানৰ জোৱান ক্ৰমে লালকুলিয়াং হাওলাই আৰু প্ৰজিৎ ৰাজবংশীক গ্ৰেপ্তাৰ কৰে চিআইডি-ৰ দলটোৱে ।

অসম আৰক্ষীৰ দুই কনিষ্টবল ক্ৰমে বিপুল লস্কৰ আৰু শঙ্কৰ বণিয়াক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল চিআইডিয়ে । সন্তোষ হোজাইৰ হত্য়াৰ অভিযোগত ৪ গৰাকী অসম আৰক্ষীৰ জোৱানক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে এতিয়া তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ শীৰ্ষ মহলত । অৱশ্য়ে চিআইডিৰ এটা সূত্ৰই দাবী কৰা মতে শীঘ্ৰেই সন্তোষ হোজাই হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত তেওঁলোকৰ জালত পৰিব ।

উল্লেখ্য যে যোৱা 24 এপ্ৰিলত হাৰেংগাজাওৰ বাসিন্দা সন্তোষ হোজাইক তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰা হৈছিল আৰু পিছত 30 এপ্ৰিলত লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মপা সংৰক্ষিত বনাঞ্চলৰ লাইলিঙত মাটিত পুতি থকা অৱস্থাত সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছিল ডিমা হাছাও আৰক্ষীয়ে ।

লগতে পঢ়ক : মাজুলীত ছেল্ফী উঠিবলৈ মন গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.