ETV Bharat / state

পৰিষদীয় নিৰ্বাচনৰ প্ৰাক ক্ষণত উত্তৰ কাছাৰত বিজেপি আৰু নিৰ্দলী প্ৰাৰ্থীৰ সমৰ্থকৰ মাৰপিট

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 4:46 PM IST

NC Hill Election
উত্তৰ কাছাৰ নিৰ্বাচন

NC Hill Election: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা ৷ শনিবাৰে সংঘটিত হ’ল বিজেপি প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট ৷ নিৰাপত্তা ব্যৱস্থালৈ সন্দেহৰ আঙুলি ৷

উত্তৰ কাছাৰত বিজেপি আৰু নিৰ্দলী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজতে মাৰপিট

হাফলং, 7 জানুৱাৰী : সোমবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ কোনোধৰণৰ নিৰ্বাচনকেন্দ্ৰিক হিংসা যাতে নহয়, তাৰ বাবে প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটকীয়া কৰা দেখা গৈছিল যদিও শনিবাৰে নিশা সংঘটিত হ’ল মাৰপিটৰ ঘটনা ৷

শনিবাৰে নিশা পৰিষদৰ কালাচান্দ সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংগঠিত হয় । জিলা প্ৰশাসনে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ক’লেও আচলতে ডিমা হাছাও জিলাত পাৰ্বত্য পৰিষদৰ বিভিন্ন সমষ্টিত এইধৰণৰ ঘটনা সংগঠিত হৈ আহিছে । বিশেষকৈ চেমখৰ আৰু কালাচান্দ সমষ্টিত নিৰ্বাচনক লৈ উত্তেজনাই বিৰাজ কৰিছে ।

ইপিনে দেওবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্দিষ্ট কৰা থকা 173 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনৰ বিষয়া-কৰ্মীসকল । সোমবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ আৰু বিয়লি 4 টা বজাত অন্ত পৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ ।

উল্লেখ্য যে স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচনত হাফলং সমষ্টিৰ বাগেটাৰ এম ই স্কুল ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব । উক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো কৰ্মী মহিলা আৰু নিৰাপত্তাৰ দায়িত্বতো থাকিব মহিলা আৰক্ষী ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ ভিতৰ্ত 6 টা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰাৰ বাবে এতিয়া পৰিষদৰ 22 টা সমষ্টিৰ বাবেহে নিৰ্বাচন ইনুষ্ঠিত হ’ব ৷ উক্ত ভোটগ্ৰহণ কৰা হ’ব 231 টা ভোটগ্ৰহণ কেন্দ্ৰত ৷ উক্ত 231 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 22 টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু 92 টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাবে চিনাক্ত কৰা হৈছে ৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: বিজেপি থাকিলে ডিমা হাছাও ক্ষুদ্ৰ মণিপুৰত পৰিণত হ’ব: সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.