ETV Bharat / state

চেমখৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক অপহৰণ : আৰক্ষীৰ বিৰুদ্ধে উঠিছে অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 6:10 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত চেমখৰ সমষ্টিত ৰাইজৰ মাজত বৃদ্ধি পাইছে শংকা । বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে উঠিছে অভিযোগ ।

NCHAC election
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ

হাফলং, ৬ জানুৱাৰী: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে ডিমা হাছাও জিলাত দুৰ্বৃত্তই অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাইছে । বিশেষকৈ চেমখৰ সমষ্টিত ৰাইজৰ মাজত ভীতি প্ৰদৰ্শন কৰি বিজেপি প্ৰাৰ্থী ৰানু লাথাচাই নিৰ্বাচনত জয়লাভ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এই সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডুঙে । শনিবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডুঙে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনযন্ত্ৰ আৰু আৰক্ষীক ব্যৱহাৰ কৰি তেওঁৰ কৰ্মী তথা প'লিং এজেন্ট, নিৰ্বাচনী এজেন্টক বিনা কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে । চেমখৰ সমষ্টিত প্ৰচাৰৰ বাবে তেওঁৰ কোনো কৰ্মীকেই যাবলৈ দিয়া হোৱা নাই বুলি অভিযোগ কৰে নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডুঙে।

হিৰোজিত জিডুঙে অভিযোগ উত্থাপন কৰি কয় যে চেমখৰ সমষ্টিত আৰক্ষীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে । চেমখৰ সমষ্টিত আৰক্ষীয়ে ৰাইজক মাৰপিট কৰাৰ লগতেতে গুলিচালনা কৰি ৰাইজৰ মাজতে ভয় তথা ভীতিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে । তেওঁ পুনৰ কয় যে যোৱা শুকুৰবাৰে নিশা মাইবাঙত তেওঁৰ এজন কৰ্মী থাওপ্রি হাফলংবাৰক ঘৰৰ পৰা অপহৰণ কৰি নিয়ে দুৰ্বৃত্তৰ দলে । এতিয়ালৈকে থাওপ্রি হাফলংবাৰ সন্ধানহীন হৈ আছে ।

হিৰোজিত জিডুঙে কয় যে তেওঁৰ কৰ্মীক ভাবুকিৰে যিদৰে আৰক্ষীয়ে উঠাই নিছে এই সন্দৰ্ভত তেওঁ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব প্ৰদান কৰা নাই । আৰক্ষী অধীক্ষকগৰাকীয়ে কেৱল দায়সৰা মন্তব্য় কৰা বুলিহে তেওঁ ক্ষোভেৰে কয় । এই অৱস্থাত চেমখৰ সমষ্টিত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোংয়ে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ ওচৰক ব্যৱস্থা গ্ৰহণ আহ্বান জনাইছে ।

ইপিনে, আজি অপহৃত থাওপ্রি হাফলংবাৰৰ পত্নীয়ে সংবাদমেল সম্বোধন কৰি কয় যে শুকুৰবাৰে নিশা তেওঁলোকৰ ঘৰত উগ্ৰপন্থীৰ দৰে দুৱাৰ ভাঙি আৰক্ষীয়ে ঘৰত প্ৰৱেশ কৰি বন্দুকৰ নলী মুখত সুমুৱাই উঠাই লৈ যায় । ইয়াৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে বুলি কয় থাওপ্রি হাফলংবাৰৰ পত্নীয়ে । তেওঁ কয়," মোৰ স্বামী এতিয়া ক'ত আছে আৰক্ষীয়ে একো জানিবলৈ দিয়া নাই । মোৰ স্বামীৰ যদি কিবা হয় তেনেহ'লে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক দায়ী হ'ব । "

লগতে পঢ়ক:চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.