ETV Bharat / state

চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:57 PM IST

Protest in Gaurisagar
চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ

Protest in Gaurisagar: গৌৰীসাগৰত অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ । চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত নিৰ্মাণকাৰী সংস্থাৰ লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শিৱা হাৰলালকাক গ্ৰেপ্তাৰ দাবীত প্ৰৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ

আমগুৰি,৬ জানুৱাৰী: গৌৰীসাগৰত মৰণফান্দত পৰিণত হোৱা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত নিৰ্মাণকাৰী সংস্থাৰ লেহেমীয়া গতিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শিৱা হাৰলালকাক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ । গৌৰীসাগৰৰ ভটীয়াপাৰত প্ৰতিবাদ জাতীয় সংগঠনটোৰ এন এইচ আই ডিচিএল মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ,চাৰিলেনযুক্ত পথ নিৰ্মাণত দুৰ্নীতি বন্ধ কৰক, শিৱা হাৰলালকাক গ্ৰেপ্তাৰ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠনটোৱে ।

উল্লেখ্য যে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত উজনিৰ শিৱসাগৰ জিলাত জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ব্যাপক হেমাহিৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ উঠে অসমীয়া যুৱ মঞ্চ । ডিমৌৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য ২০২১ চনতে সম্পূৰ্ণ কৰিব লাগিছিল । ২০১৪ চনতে কাম আৰম্ভ কৰি আজি পৰ্যন্ত ৫০ শতাংশ কামো সম্পূৰ্ণ নহ'ল । বৰঞ্চ কোটি কোটি টকা লৈ ইটোৰ পিছত সিটো ঠিকাদাৰী প্ৰতিষ্ঠানে আধাতে কাম এৰি উধাও হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

শনিবাৰে জাতীয় সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । লক্ষ্যণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম তীব্ৰ গতিত আগবঢ়াবলৈ নিৰ্দেশ জাৰি কৰিছে যদিও উজনিত বিগত ১৫ বছৰে বৰ্তমানলৈকে ৩০ শতাংশও কাম সম্পূৰ্ণ হৈ উঠা নাই ।

উজনিৰ শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে দায়িত্বত থকা এন এইচ আই ডি চি এল আৰু নিৰ্মাণৰ ঠিকা লাভ কৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে এই পথছোৱা খীৰতী গাইলৈ পৰিণত হৈছে ।

লগতে পঢ়ক: চিচিবৰগাঁৱত উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত প্ৰতিবাদ অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.