ETV Bharat / state

CM relief fund : ডিমা হাছাওৰ ২৬৮ গৰাকী হিতাধিকাৰীলৈ পুঁজি-ছাত্ৰবৃ্ত্তি

author img

By

Published : Apr 26, 2022, 11:00 AM IST

scholarships to 268 beneficiaries in dima hasao
ডিমা হাছাওৰ ২৬৮ গৰাকী হিতাধিকাৰীলৈ ছাত্ৰবৃ্ত্তি

ডিমা হাছাওৰ যুৱক-যুৱতীৰ মুখত আশাৰ ৰেঙণি । ২৬৮ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পুঁজি আৰু ছাত্ৰবৃত্তি প্ৰদান কৰা হয় (Scholarships to 268 beneficiaries in Dima Hasao) । ছাত্ৰবৃত্তিৰ লগতে প্ৰদান কৰা হয় খেলৰ সামগ্ৰীও ।

ডিমা হাছাও, 26 এপ্ৰিল : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওক শৈক্ষিক, বৌদ্ধিক তথা ক্ৰীড়াৰ দিশত আৰু আগুৱাই নিয়াৰ উদ্দেশ্যে বিশেষ প্ৰচেষ্টা চৰকাৰৰ । পাহাৰীয়া জিলাখনৰ ২৬৮ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পুঁজি আৰু ছাত্ৰবৃত্তি(Scholarships to 268 beneficiaries in Dima Hasao) ।

সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পুঁজি আৰু ছাত্ৰবৃত্তিৰ লগতে খেলৰ বিভিন্ন সা-সামগ্ৰী । হাফলং পুথিভঁড়াল প্ৰেক্ষাগৃহত বিধায়িকা নন্দিতা গাৰ্লচা আৰু কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচাৰ লগতে পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পুঁজি তথা ছাত্ৰবৃত্তি প্ৰদান অনুষ্ঠানৰ লগতে সংগতি ৰাখি আয়োজন আন এক কাৰ্যসূচী । ৰাজ্যৰ খেল আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ(Ministry of Sports and Youth welfare) অধীনত জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু ক্লাবসমূহক খেলৰ সামগ্ৰী প্ৰদান কৰে বিধায়িকা নন্দিতা গাৰ্লচা তথা পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই ।

লগতে পঢ়ক: SI Exam Question Paper Viral : এজন যুৱকক আটক কামপুৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.