ETV Bharat / state

Model Anganwadi Centre : ডিমা হাছাওত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Jul 15, 2023, 4:15 PM IST

Model Anganwadi Centre in Half Long
অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰ্যালোচনা বৈঠক

২০২২-২৩বিত্তীয় বৰ্ষত ডিমা হাছাও জিলাত ১১ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা বুলি সদৰী কৰিছে শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰী নন্দিতা গাৰ্লোচাই । হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত তেওঁ অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় কৰে ।

অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰ্যালোচনা বৈঠক

হাফলং, ১৫ জুলাই: ডিমা হাছাও জিলাত নতুন কৈ নিৰ্মাণ কৰা ২৯ টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম সন্দৰ্ভত শুক্ৰবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । ঠিকাদাৰসকলৰ লগত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কামকলৈ পৰ্যালোচনা কৰে শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰী নন্দিতা গাৰ্লোচাই । তেওঁ এই কামৰ অগ্ৰগতিৰো বুজ লয় । এই পৰ্যালোচনা বৈঠকত ঠিকাদাৰ সকলে বিভিন্ন সমস্যা সম্পৰ্কে ব্য়াখ্য়া কৰে ।

এই বৈঠকৰ পিচতে মন্ত্ৰী নন্দিতা গাৰ্লোচাই সাংবাদিকৰ আগতে কয় যে ২০২২-২৩বিত্তীয় বৰ্ষত ডিমা হাছাও জিলাত ১১ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে । এতিয়া আৰু ২৯টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে । তেওঁ কয় শিশু সকলৰ বাবে উপযুক্ত শিক্ষাৰ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে কাম কৰিছে । মন্ত্ৰীগৰাকীয়ে কয় যে এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ সমূহত শিশু সকলৰ পঢ়া-শুনাৰ লগতে উন্নত মানৰ সুযোগ-সুবিধা থাকিব । ইয়াত উন্নত মানৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হ'ব বুলিও তেওঁ কয় । আগন্তুক দিনত ডিমা হাছাও জিলাত আৰু অধিক এনে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি কয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

মন্ত্ৰী নন্দিতা গাৰ্লোচাই পুনৰ কয় যে ঠিকাদাৰ সকলে তেওঁক উল্লেখ কৰা মতে, ডিমা হাছাও জিলাত আদৰ্শ অংগনৱাড়ী নিৰ্মাণৰ বাবে গাঁওপ্ৰধান সকলে ভূমি দিবলৈ বিচৰা নাই । তেওঁ কয় যে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এই পাহাৰীয়া জিলাখনৰ উন্নয়নৰ কামত কোনো ধৰণৰ বাধা নাই । আনকি কোনেও উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰে । গাঁওপ্ৰধান সকলে ভূমি নিদিয়াৰ কথা কোনো আইনত লিখা নাই বুলি মন্ত্যব কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে আচলতে ডিমা হাছাও জিলাত এটা ভুল প্ৰচাৰ চলোৱা হৈছে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এই পাহাৰীয়া জিলাৰ ক্ষমতা খৰ্ব কৰা হ'ব । তদুপৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা হ্ৰাস কৰা হ'ব বুলি একাংশই অপপ্ৰচাৰ চলোৱা বুলিও তেওঁ কয় ।

মন্ত্ৰী নন্দিতা গাৰ্লোচাই পুনৰ কয় যে এতিয়া সকলো কাম জিলা উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে হৈ আছে । সেই লৈ ৰাইজৰ মাজতে বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে বুলি মন্ত্যব কৰি কয় যে বিধায়ক তহবিল আৰু সাংসদ তহবিলৰ কাম সকলো সময়তে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে হয় । কিছুমান কেন্দ্ৰীয় আঁচনিৰ কাম জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে হয় । সমগ্ৰ ৰাজ্যত একেই নিয়ম বুলি তেওঁ কয় ।

লগতে পঢ়ক:Liquor smuggling to Nagaland : মৰিয়নীত সুৰা ভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.