ETV Bharat / state

Liquor smuggling to Nagaland : মৰিয়নীত সুৰা ভৰ্তি বাহন জব্দ

author img

By

Published : Jul 15, 2023, 1:55 PM IST

liquor seized by Mariani police in Mariani
সুৰা ভৰ্তি বাহন জব্দ

সুৰা ভৰ্তি বাহন জব্দ মৰিয়নীত ৷ সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডলৈ অসমৰ পৰা অবৈধভাৱে সৰবৰাহ হৈছে সুৰা ৷ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই মৰিয়নী আৰক্ষী ৷

সুৰা ভৰ্তি বাহন জব্দ

যোৰহাট, 15 জুলাই : সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডলৈ অসমৰ পৰা অবৈধভাৱে সৰবৰাহ হয় সুৰা ৷ মৰিয়নীৰ পৰা নাগালেণ্ডলৈ সুৰা সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে এখন সুৰা ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডলৈ অবৈধভাৱে অসমৰ পৰা সৰবৰাহ হৈ আহিছে সুৰা । জানিব পৰা মতে, একাংশ বিভাগীয় বিষয়াক মেনেজ কৰি এটা চক্ৰই নিতৌ মৰিয়নীৰ পৰা নাগালেণ্ড লৈ সুৰা সৰবৰাহ কৰি বুজন পৰিমাণৰ ধন চক্ৰটোৱে সংগ্ৰহ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দি আহিছে ।

ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, শনিবাৰৰ পুৱতি নিশা মৰিয়নী নিউ সোণোৱাল সেউজী গাঁৱত কেইবা লক্ষাধিক টকাৰ অবৈধ সুৰাসহ বলেৰ’ পিক আপ জব্দ বাহন কৰিবলৈ সক্ষম হয় মৰিয়নী আৰক্ষী । মৰিয়নীৰ পৰা চোৰাংভাৱে নাগালেণ্ডলৈ উক্ত সুৰাখিনি সৰবৰাহ কৰিবলৈ লোৱাৰ সময়ত মৰিয়নী আৰক্ষীয়ে জব্দ কৰে বাহনখন । সুৰাসহ জব্দ কৰা পিক আপ ভানখনৰ নম্বৰ NL 02 Q 2633 ৷ বলেৰ’খন যোৰহাট জিলাৰ ভোগদৈ মুখৰ (আনন্দ নগৰ) শ্যাম কুমাৰ সাহাৰ বুলি জানিবলৈ পৰা গৈছে ।

অৱশ্যে ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই মৰিয়নী আৰক্ষী ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে, মৰিয়নী আবকাৰী বিভাগ নামৰ এটা বিভাগ আছে যদিও এই বিভাগটো বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ লগতে মেনেজ মাষ্টাৰ ৰূপত আৱিৰ্ভাৱ ঘটাৰ অভিযোগ উথাপিত হৈছে ৷ উল্লেখ কৰা প্ৰয়োজন যে কোনো অনুমতি অবিহনে মৰিয়নী নগৰত থকা হোটেল আৰু অন্য স্থানত বৰ্তমান সুৰা সহজলভ্য হৈ পৰিছে ৷ কিন্তু কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ অভিযোগ সৰ্বত্ৰে উত্থাপন হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Laharighat electrical sub-division : ৰাইজলৈ বিদ্যুৎ মিটাৰ জ্বলাই দিয়াৰ আহ্বান শক্তি বিভাগৰ কৰ্মচাৰীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.