ETV Bharat / state

Bifurcation Of Dima Hasao District: ডিমা হাচাও বিভাজনৰ দাবীৰে তীব্ৰ আন্দোলনৰ হুংকাৰ আইপিএফৰ

author img

By

Published : Jan 9, 2023, 6:55 PM IST

Bifurcation Of Dima Hasao District
ডিমা হাচাওত দুখন পৃথক জিলা গঠন নকৰিলে তীব্ৰ আন্দোলনৰ হুংকৰা আইপিএফৰ

ডিমা হাচাও জিলাক দুখন পৃথক স্বায়ত্তশাসিত জিলা হিচাপে ভাগ কৰাৰ দাবীৰে সংবাদমেল ইণ্ডিজেনাছ পিপলছ ফ’ৰামৰ ৷ জানুৱাৰী মাহৰ ভিতৰত যদি চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ৷ আন্দোলনত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে সংগঠনটো দায়ী নহ’ব বুলিও সকিয়াই দিয়ে চৰকাৰক ৷

ডিমা হাচাওত দুখন পৃথক জিলা গঠন নকৰিলে তীব্ৰ আন্দোলনৰ হুংকৰা আইপিএফৰ

হাফলং, 9 জানুৱাৰী: ডিমা হাচাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ পুনৰ দাবী ইণ্ডিজেনাছ পিপলছ ফ’ৰামৰ(Indigenous Peoples Forum) ৷ এই দাবী পূৰণ নহ’লে আন্দোলনৰ হুংকাৰ সংগঠনৰটোৰ ৷ এই সন্দৰ্ভত সোমাবাৰে ইণ্ডিজেনাছ পিপলছ ফৰামৰ হাফলংস্থিত কাৰ্যালয়ত সম্বোধন কৰা হয় এখন সংবাদমেল ৷

সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক এল লিমা কেভমে কয় যে, ‘‘ডিমা হাচাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন (Two separate district in Dima Hasao) সন্দৰ্ভত চৰকাৰৰ মনোভাৱ লৈ ক্ষোভৰ সৃষ্টি হৈছে ৷ দীৰ্ঘদিনৰ পৰা ইণ্ডিজেনাছ পিপলছ ফ’ৰামে (IPF demands two district in Dima Hasao) ডিমা হাচাও জিলাক দুভাগ কৰি দুখন পৃথক স্বায়ত্তশাসিত জিলা গঠনৰ দাবী জনাই আহিছে যদিও চৰকাৰে এই দাবীলৈ আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ যদিহে চৰকাৰে এই দাবী পূৰণ নকৰে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব ৷’’

লগতে, সংগঠনটোৰ সাধাৰণ সম্পাদক এল লিমা কেভময়ে কয় যে, ‘‘2010 চনৰ 30 মাৰ্চত পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ৰাজ্য চৰকাৰে ডিমা হাচাও কৰাৰ পিছৰে পৰা ইণ্ডিজেনাছ পিপলছ ফ’ৰামে ডিমা হাচাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ দাবী জনাই আন্দোলন কৰি আহিছে (Two autonomous district in Dima Hasao) ৷ ইয়াৰ পিছতে পৃথক জিলা গঠনৰ বিষয়কলৈ ৰাজ্য চৰকাৰে এখন কমিটি গঠন কৰি দিছিল ৷’’

এই কমিটিখনৰ লগতে পৃথক জিলা গঠনৰ বিষয়ক লৈ ইণ্ডিজেনাছ পিপলছ ফৰামৰ বহু কেইখন বৈঠক অনুষ্ঠিত হোৱাৰ পিচতো আজিলৈকে পৃথক জিলা গঠনৰ ইছ্যুলৈ ৰাজ্য চৰকাৰে কোন পদক্ষেপ গ্ৰহণ কৰা নাই (Bifurcation Of Dima Hasao District) ৷ যি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

আনহাতে, 2022 চনৰ 11 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমিটিৰ লগতে ইণ্ডিজেনাছ পিপলছ ফৰামৰ বৈঠকত পৃথক জিলা গঠনৰ বাবে সীমা নিৰ্ধাৰণ কৰাৰ বাবে এজন অৱসৰপ্ৰাপ্ত বিচাৰপতি আৰু এজন অৱসৰপ্ৰাপ্ত আই এ এচ অফিচাৰ দি এখন কমিটি গঠন কৰাৰ কথা ঘোষণা কৰাৰ পিচতো এই সন্দৰ্ভত এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক এল লিমা কেভমে(IPF demands bifurcation of Dima Hasao) ৷

লগতে তেওঁ কয় যে, জানুৱাৰী মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে পৃথক জিলা গঠনৰ সন্দৰ্ভত যদি কোনো ইতিবাচক সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে ইণ্ডিজেনাছ পিপলছ ফৰামে পৃথক জিলা গঠনৰ দাবীত পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লৈ বাধ্য হ’ব ৷ এনে পৰিস্থিতিত যদি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ইয়াৰ বাবে সংগঠনটো জগৰীয়া নহ’ব বুলিও সংবাদমেল যোগে চৰকাৰ সকিয়াই দিয়ে এল লিমা কেভমে ৷

লগতে পঢ়ক: Protest against constituency delimitation: সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদ জনায় ৰাজপথত বহিল সমষ্টিবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.