ETV Bharat / state

Protest against constituency delimitation: সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদ জনায় ৰাজপথত বহিল সমষ্টিবাসী

author img

By

Published : Jan 9, 2023, 3:48 PM IST

সমষ্টি বিলুপ্তকৰণ সন্দৰ্ভত ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ (constituency delimitation in Assam) ৷ আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ধৰ্মঘটত বহিল আমগুৰিবাসী ৰাইজ (Protest against abolition of Amguri constituency)৷ স্মাৰক পত্ৰ প্ৰদান ৷

Amguri constituency delimitation
সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

আমগুৰি, ৯ জানুৱাৰী : আমগুৰি সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদত আমগুৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী । আমগুৰি নগৰৰ মাজমজিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমগুৰিবাসী ৰাইজে গ্ৰহণ কৰে দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৷ ঐতিহাসিক ১০৩ নং আমগুৰি বিধানসভা সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে দল-সংগঠন একত্ৰিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against constituency delimitation) ৷

লগতে ধৰ্মঘটকাৰীসকলে বিভিন্ন শ্লোগানেৰে আমগুৰি চহৰ উত্তাল কৰি তোলে ৷ শীঘ্ৰেই আমগুৰি সমষ্টি বিলুপ্তকৰণৰ সিদ্ধান্ত বাতিলৰ লগতে আমগুৰিক মহকুমা ঘোষণাৰ দাবী জনায় ধৰ্মঘটকাৰীসকলে । অতীতক সুঁৱৰি ধৰ্মঘটকাৰীসকলে কয় যে, প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্ত বিধায়ক (MLA Anjan Dutta) হৈ থকাৰ কালছোৱাত ২০০৬ চনত আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে অগপ আৰু কংগ্ৰেছ দলে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছিল য’ত আৰক্ষীৰ লাঠী চালনাত বহু লোক আহত হৈছিল ।

এসময়ত আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বৰ্তমানৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা নিমাত কিয় বুলি ধৰ্মঘটকাৰীসকলৰ প্ৰশ্ন উত্থাপন কৰে ৷ দুই ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীত এসময়ৰ বিষ্ণু ৰাভাৰ দেহৰক্ষী তথা ৰিভলুশ্যনেৰী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াৰ পূৰ্ণানন্দ গগৈ আৰু ১০৭ বছৰীয়া বৃদ্ধ টেপুৰাম শইকীয়াই অংশগ্ৰহণ কৰে । ধৰ্মঘটকাৰীসকলে আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক (Akhil Gogoi criticized Assam Govt) । জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতি দায়ৱদ্ধ চৰকাৰখনে উজনিৰ তিনিটাকৈ সমষ্টি বিলোপ কৰি কেনেদৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে (Akhil Gogoi criticized constituency delimitation) ৷ শুকুৰবাৰে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণে সমস্যাৰহে সৃষ্টি কৰিব (Raijor Dal president Akhil Gogoi)।

উল্লেখ্য যে, অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত উজনি অসমৰ তিনিটা বিধানসভা সমষ্টি কৰ্তন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (constituency delimitation in upper Assam) । শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় জিলাত কৰ্তন হ'ব তিনিটাকৈ সমষ্টি । কিন্তু উজনিত সমষ্টি কৰ্তন কৰি কেনেকৈ চৰকাৰে খিলঞ্জীয়াক সুৰক্ষিত কৰিব সেয়া বুজি পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে । উজনিত সমষ্টি কৰ্তনৰ জৰিয়তে কোনোপধ্যেই খিলঞ্জীয়া সুৰক্ষিত নহয় বুলি দুদিন পূৰ্বে সংবাদ মাধ্যৰ আগত উল্লেখ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক: Reaction on bodo leaders arrested: আইনৰ দৃষ্টিত ভুল প্ৰমাণিত হ’লে শাস্তি পোৱাটো স্বাভাৱিক, বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.