ETV Bharat / state

Dima Hasao district court:ডিমা হাছাও জিলাত ধর্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড জিলা আদালতৰ

author img

By

Published : Jun 23, 2023, 5:35 PM IST

district court sentenced rapist to 20 years in prison
ধর্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড হাফলং জিলা আদালতৰ

হাফলং জিলা আদালতৰ কঠোৰ ৰায়দান । ধর্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড হাফলং জিলা আদালতৰ ।

হাফলং, 23 জুন : ডিমা হাছাও জিলা আদালতৰ ঐতিহাসিক ৰায়দান ৷ প্ৰথমবাৰৰ বাবে কোনো আচামীক ডিমা হাছাও জিলাত 20 বছৰৰ কাৰাদণ্ডৰ ৰায়দান দিয়া হৈছে ৷ ইয়াৰ আগতে ধর্ষণকাৰী আখতাৰ খানক 15 বছৰ কাৰাদণ্ড বিহিছিল হাফলং জিলা আদালতে ।

যোৱা 21 জুনত হাফলং জিলা আদালতৰ জিলা ন্যায়িক দণ্ডাধীশ আবুবক্কৰ ছিদ্দিকীয়ে মনু নাইডিং নামৰ ধর্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড আৰু 50 হাজাৰ টকাৰ জৰিমনা বিহে । অনাদায়ে আৰু 5 বছৰৰ কাৰাদণ্ডৰ ৰায় দান কৰে । ডিমা হাছাও জিলাৰ গুণজোং লামাদিছা গাঁৱৰ মনু নাইডিঙে 2018 চনত 13 বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল । ইয়াৰ পিচতে নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু আৰক্ষীৰ ওচৰত নাবালিকা গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰে । ইয়াৰ 5 বছৰ পিচত এই ধৰ্ষণ গোচৰৰ ৰায়দান কৰে হাফলং জিলা আদালতে ৷

জিলা ন্যায়িক দণ্ডাধীশ আবুবক্কৰ ছিদ্দিকীয়ে ধৰ্ষণকাৰী মনু নাইডিঙক জিআৰ গোচৰ নম্বৰ 63/2018/203/18 ত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 363 অনুসৰি 5 বছৰৰ কাৰাদণ্ড আৰু 5 হাজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায় কৰিলে তিনিমাহৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব অপৰাধীয়ে ৷

একেটা গোচৰতে ভাৰতীয় দণ্ডবিধিৰ 376/3 ধাৰাত 20 বছৰৰ কাৰাদণ্ড আৰু 50 হাজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত 5 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে ৷ ইয়াৰ আগতে আখতাৰ খান নামৰ এক ধর্ষণকাৰীক হাফলং জিলা আদালতে 15 বছৰৰ কাৰাদণ্ড দিয়াৰ পিচতে এইবাৰ ধর্ষণকাৰী মনু নাইডিঙক 20 বছৰৰ কাৰাদণ্ড বিহে হাফলং জিলা আদালতে ।

লগতে পঢ়ক : Junmoni Rabha death : তিনিদিনীয়া অভিযান সামৰি লখিমপুৰৰ পৰা ৰাওনা চিবিআইৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.