ETV Bharat / state

Junmoni Rabha death : তিনিদিনীয়া অভিযান সামৰি লখিমপুৰৰ পৰা ৰাওনা চিবিআইৰ দল

author img

By

Published : Jun 23, 2023, 2:09 PM IST

তিনিদিনীয়া অভিযান সামৰি শুকুৰবাৰে লখিমপুৰলৈ পৰা ৰাওনা হ’ল চিবিআইৰ দল । মঙলবাৰৰ সন্ধিয়াৰ পৰা লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমনি ৰাভাৰ মৃত্যু ঘটনাৰ তদন্ত কৰি শুকুৰবাৰে ৰাওনা হয় তদন্তকাৰী দলটো ।

Junmoni Rabha death
লখিমপুৰৰ পৰা ৰাওনা চিবিআইৰ দল

লখিমপুৰ, 23 জুন : তিনিদিনীয়া অভিযান সামৰি লখিমপুৰৰ পৰা উভতিল চিবিআইৰ দল । জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চিআইডিৰ হাতৰ পৰা তদন্তৰ দায়িত্ব লোৱা চিবিআইৰ দলে লখিমপুৰত তিনি দিনীয়া অভিযান সামৰি শুকুৰবাৰে উভতি যায় । চিবিআইৰ ডিআইজি লাভলী কাটাৰিয়াৰ নেতৃত্বত আঠজনীয়া এটা দলে প্ৰথমে নগাঁৱত তদন্ত আৰম্ভ কৰি ২০ জুনৰ সন্ধিয়া লখিমপুৰত উপস্থিত হয় । দলটোৱে জিলাখনত উপস্থিত হৈয়েই বৰচলাৰ আমিনা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰত অভিযান চলায় ।

উল্লেখ্য যে, এই আমিনা খাতুনৰ ঘৰতে যোৱা 6 মে’ৰ নিশা জোনমনি ৰাভাই অভিযান চলাইছিল । চিবিআইৰ দলটোৱে আমিনা খাতুনৰ ঘৰত অভিযান চলাই আৱৰ্ত ভৱনত বাহৰ পাতে । যোৱা তিনিদিন ধৰি জিলাখনত বাহৰ পতা দলটোৱে আৱৰ্ত ভৱনত বৃহস্পতিবাৰে পুনৰবাৰ জেৰা চলায় আমিনা খাতুনক । আনহাতে নকল সোণ, জালনোট আদিৰ বেহাৰ সৈতে জড়িত লোকক আৰক্ষীক ধৰাই দিয়াত ভূমিকা লোৱা হাচিনা বেগমকো আৱৰ্ত ভৱনত চিবিআইৰ দলে জেৰা কৰে । ইয়াৰোপৰি ৰ্আবু তালিফ, বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু, লালুক চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থীককো জেৰা কৰে আৰক্ষীয়ে ।

আনহাতে আমিনা খাতুনক টকা ধাৰলৈ দিয়া ৰেজিবুল ইছলাম, নুৰ মহমদ, গুলে খাতুন, আৰু উমেদ আলীকো চিবিআইৰ দলে মাৰাথন জেৰা চলায় । লক্ষণীয় বিষয় যে, চিবিআই দলৰ এই তিনিদিনীয়া তদন্ত কালত লখিমপুৰ সদৰ থানাৰ কম্পিউটাৰ তন্নতন্নকৈ পৰীক্ষা কৰিলে তদন্তকাৰী দলটোৱে । তদন্তকাৰী দলটোৱে ঘটনাটোৰ অধিক অনুসন্ধানৰ বাবে পুনৰ নগাঁৱলৈ যাব বুলি অনুমান কৰা হৈছে ।

লক্ষণীয় বিষয় যে, জোনমনি ৰাভাই আমিনা খাতুনৰ ঘৰত অভিযান চলাই তেওঁৰ পুত্র আজগৰ আলিক আটক কৰি নিয়াৰ পিছদিনাই মুকলি কৰি দিছিল । পৰৱৰ্তী সময়ত নকল সোণ, জালনোটৰ বেহাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আজগৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । সম্প্ৰতি চিবিআইৰ দলে আমিনা খাতুনক দুবাৰকৈ জেৰা কৰিলেও জেলত থকা আজগৰক জেৰা কৰিলে নে নাই সন্দৰ্ভত জানিব পৰা নগ’ল । যাৰ বাবে চিবিআইৰ দলে পুনৰাই জিলাখনত অভিযান চলোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Poor condition of Police station : অস্থায়ী গৃহত চলিছে বেকাজান আৰক্ষী চকীৰ কাম কাজ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.