ETV Bharat / state

Poor condition of Police station : অস্থায়ী গৃহত চলিছে বেকাজান আৰক্ষী চকীৰ কাম কাজ !

author img

By

Published : Jun 23, 2023, 1:53 PM IST

Poor condition of Bekajan out post in Jorhat
বেকাজান আৰক্ষী চকী

কৃত্ৰিম বানত বুৰ গৈছে অসম নাগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী চকী ৷ অস্থায়ী গৃহত চলিছে বিভাগীয় কাম-কাজ ৷

বেকাজান আৰক্ষী চকী

যোৰহাট, 23 জুন : যোৰহাটৰ তিতাবৰৰ বেকাজান আৰক্ষী চকীৰ দুৰাৱস্থা । তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ সুৰক্ষাৰ স্বাৰ্থত 1972 চনত স্থাপন হৈছিল এই বেকাজান আৰক্ষী চকীখন ৷ সেই বেকাজান আৰক্ষী চকীৰ এতিয়া অৱস্থা হৈ পৰিছে তথৈবচ ।

সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীয়ে এতিয়া চৰম নিৰাপত্তাহীনতা তথা কামৰ বাবে অনুপযোগী এক পৰিৱেশৰ মাজেৰে কৰ্তব্যত নিয়োজিত হ’বলগীয়াত পৰিছে ৷ সামান্য এজাক বৰষুণত বুৰ যায় ৰাজ্যৰ স্মাৰ্ট আৰক্ষীৰ পৰিচয় বহন কৰা পুৰণি এইখন বেকাজান আৰক্ষী চকী । প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত যমৰ যাতনা ভোগ কৰিবলগীয়া হয় বেকাজান আৰক্ষী চকীত নিয়োজিত আৰক্ষী কৰ্মীসকলে । আনকি নিৰাপত্তা অথবা সুৰক্ষা বিচাৰি আৰক্ষী চকীখনলৈ অহা অঞ্চলটোৰ ৰাইজেও ভোগ কৰিব লাগে যমৰ যাতনা ।

দুৰ্ভাগ্যজনক বিষয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো কোণতে বিকাশ-উন্নয়ন হোৱা বুলি দাবী কৰি থকাৰ পিচতো অনুপযুক্ত এক পৰিৱেশৰত নিজৰ কৰ্তব্য সাধন কৰিবলগীয়া হৈছে সংশ্লিষ্ট আৰক্ষীৰ লোকসকলে ৷ এই পৰিৱেশৰ বাবেই এইখন আৰক্ষী চকীৰ বিষয়া-কৰ্মীক সাক্ষাৎ কৰিবলৈয়ো বহু সময়ত সক্ষম নহয় সৰ্বসাধাৰণ লোক । দুৰ্ভাগ্যজনকভাৱে, মটৰ ব্যৱহাৰ কৰি পানী সিঁচি কৃত্ৰিম বানৰ কবলৰ পৰা নিজকে উদ্ধাৰ কৰাৰ চেষ্টাত ব্যস্ত থাকিবলগীয়া হৈছে আৰক্ষী চকীখনৰ দুৰ্ভগীয়া আৰক্ষীৰ লোকসকলে ।

কিন্তু, ইমানৰ পিছতো যেন কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে কেতিয়াবা আৰক্ষী চকীখন অস্থায়ীভাৱে পৰিচালিত হয় দাঁতিকাষৰীয়া বেকাজান সাপ্তাহিক বজাৰ গৃহত আৰু আনহাতে কেতিয়াবা চলে এখন অস্থায়ী চালিৰ তলত । কিন্তু এই সমস্যাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত সীমান্তবাসী ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Majuli Nimatighat ferry service : বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.