ETV Bharat / state

সন্তোষ হোজাই হত্যাকাণ্ডৰ প্ৰতিবাদঃ 36 ঘণ্টীয়া ডিমা হাছাও বন্ধ

author img

By

Published : May 14, 2020, 8:22 PM IST

Dilip Nunisa want justice for Santosh hojai murder case
সন্তোষ হোজাই হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত 36 ঘণ্টীয়া ডিমা হাছাও বন্ধ

বৃহস্পতিবাৰে 36 ঘণ্টাীয়া ডিমা হাছাও তথা ডিমাৰাজি বন্ধৰ ঘোষণা স্থানীয় সংগঠনৰ ৷ চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ব্য়ক্তিগত প্ৰতিষ্ঠান আৰু বজাৰ দোকান পোহৰ সকলো বন্ধ থাকে ডিমা হাছাওত ৷

ডিমা হাছাও, 14 মে': ডিএইচডিৰ প্ৰাক্তন সদস্য তথা ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি হালালি প্ৰগ্ৰেচীভ ৱেলফেয়াৰ চোচাইটিয়ে বৃহস্পতিবাৰে 36 ঘণ্টীয়া ডিমা হাছাও তথা ডিমাৰাজি বন্ধৰ আহ্বান জনাই ৷ লক্​ ডাউনৰ মাজত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় জিলাখনত ৷

সন্তোষ হোজাই হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত 36 ঘণ্টীয়া ডিমা হাছাও বন্ধ

চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ব্য়ক্তিগত প্ৰতিষ্ঠান আৰু বজাৰ দোকান পোহৰ সকলো বন্ধ থাকে ডিমা হাছাওত ৷ আনহাতে, হালালি প্ৰগ্ৰেচীভ ৱেলফেয়াৰ চোচাইটিৰ সভাপতি দিলীপ নুনিচাই ইতিমধ্যে ভংগ হোৱা উগ্ৰপন্থী সংগঠন ডিএইচডিৰ প্ৰাক্তন সদস্য তথা ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাকাৰীক বৰ্তমানলৈ গ্ৰেপ্তাৰ নকৰাক লৈ ক্ষোভ উজাৰে ৷ লগতে এই হত্যাকাণ্ডৰ লগত জড়িত ডিএচপি সূৰ্যকান্ত মৰাণৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত শীঘ্ৰে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি বৃহস্পতিবাৰে অৱগত কৰে হালালি প্ৰগ্ৰেচীভ ৱেলফেয়াৰ চোচাইটিৰ সভাপতি দিলিপ নুনিচাই ৷

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.