ETV Bharat / state

7 দিনৰ অন্তত উদ্ধাৰ হ'ল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ

author img

By

Published : Apr 30, 2020, 7:59 PM IST

বৃহস্পতিবাৰে উদ্ধাৰ হয়, 24 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ । লাংটিঙৰ পৰা 10 কিল'মিটাৰ দূৰত অৱস্থিত এই লেইৰিঙৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ ঠিকাদাৰ গৰাকীৰ মৃতদেহ ।

contractor santosh hojai's deadbody recovered near mupa reserve forest
contractor santosh hojai's deadbody recovered near mupa reserve forest

ডিমা হাছাও 30 এপ্ৰিলঃ অৱশেষত 7 দিনৰ অন্তত উদ্ধাৰ হ'ল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ । বৃহস্পতিবাৰে গধুলি লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মুপা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত, লেইৰিঙৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে লাংটিং আৰক্ষীয়ে ।

ঠিকাদাৰ সন্তোষ হোজাই
ঠিকাদাৰ সন্তোষ হোজাই

লাংটিঙৰ পৰা 10 কিল'মিটাৰ দূৰত অৱস্থিত এই লেইৰিঙৰ জংঘলত মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচত পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰে । উল্লেখ্য যে, যোৱা 24 এপ্ৰিলত লক্ ডাউনৰ সময়ত সন্ধিয়া প্ৰায় 6 বজাত 5 জনীয়া দুৰ্বৃত্তৰ দলে, হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত গামাডি হাওৰ গাঁৱৰ পৰা এখন বগা ৰঙৰ বলেৰ' গাড়ীত অপহৰণ কৰি লৈ গৈছিল ঠিকাদাৰ গৰাকীক । তাৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল ঠিকাদাৰ সন্তোষ হোজাই ।

7 দিনৰ অন্তত উদ্ধাৰ হ'ল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ
7 দিনৰ অন্তত উদ্ধাৰ হ'ল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ

লগতে পঢ়কঃ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.