ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:26 PM IST

(Congress releases list of candidates)2024 চনৰ 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছে পৰিষদে 28 টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ।

Congress releases list of candidates
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

হাফলং, 19 ডিচেম্বৰ: সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ বাবে মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছে পৰিষদে 28 টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ অনুমোদন ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই হাফলঙৰ ৰাজীৱ ভৱনত এক সংবাদমেলযোগে এই তালিকা ঘোষণা কৰে ।

কংগ্ৰেছ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী ক্ৰমে হাফলং সমষ্টিত মায়ানন কেম্প্ৰাই, জাতিংগা সমষ্টিত ৰিভিয়া চিয়াংচাই, বৰাইল সমষ্টিত থাংগিউলিয়েন চিংচন, মাহৰ সমষ্টিত পিলপিলিকা লাংথাচা, জিনাম সমষ্টি লালচাংকাম হাৰংতে হুংৰুম সমষ্টিত লামহুইং দাইমে, লাইচং সমষ্টিত হাইজেৰেম নৃয়ামে, দাওটোহাজা সমষ্টিত ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি সমৰজিত হাফলংবাৰ, পূৰ্ব মাইবাং সমষ্টিত তাপচ থাওচেন, পশ্চিম মাইবাং সমষ্টিত ধীৰাজ লাংথাচা, কালাচান্দ সমষ্টিত অৰিপম বড়ো, ওয়াজাৱ সমষ্টিত কল্পনা কেম্প্ৰাই, বাটাৰি হাজাদিছা সমষ্টিত ৰূপীনাথ চেংয়ুং, লাংটিং সমষ্টিত ৰাজমহন আৰদাও, হাতীখালি সমষ্টিত দিবেশ লাংথাচা, দিয়ুংমুখ সমষ্টিত জয়কান্ত কেম্প্ৰাই, গৰমপানী সমষ্টিত ৰাহুল টেৰণ, খাৰতুং সমষ্টিত লালজচুয়া বেইতে, দিহাংগী সমষ্টিত কমি কেম্প্ৰাই, গুণজোং সমষ্টিত জয়থানন লংমাইলাই, হাডিংমা সমষ্টিত দিপালী হাপীলা, দিহামলাই সমষ্টিত ইবুইং কুয়ামে, হাৰেংগাজাও সমষ্টিত পপিল হোজাই, হামৰি সমষ্টিত দংথাৰ থাওচেন, লোৱাৰ খাৰটং লালতালনচাং খুবুং দলং সমষ্টিত চনম লামা, দিগেৰ সমষ্টিত লিয়েংগাজাও ছিংচন, চেমখৰ সমষ্টিত পিতচ লাংথাচা।

আজি হাফলং ৰাজীৱ ভৱনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি অপূৰ্ব ভট্টাচাৰ্যই কয় যে, কংগ্ৰেছে চাৰিটা সমষ্টিত এইবাৰ মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে বাকী অধিকাংশ সমষ্টিত 30 বছৰৰ পৰা 35 বছৰৰ যুৱ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ওপৰত গুৰুত্ব দিছে লক্ষণীয় যে, 2024 চনৰ 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ইস্তাহাৰ প্ৰকাশ জিলা বিজেপিৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.