ETV Bharat / state

8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ইস্তাহাৰ প্ৰকাশ জিলা বিজেপিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:37 AM IST

পৰিষদীয় নিৰ্বাচনক লৈ গৰম বতাহ বলিছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত (North Cachar Hills Autonomous Council) ৷ শনিবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে ডিমা হাছাও জিলা বিজেপিয়ে (BJP) ৷ পথ, স্বাস্থ্য, শিক্ষাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধনৰ প্ৰতিশ্ৰুতি বিজেপিৰ (North Cachar Hills Autonomous Council Election) ৷

North Cachar Hills Autonomous Council Election
সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

হাফলং, 17 ডিচেম্বৰ : সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ অহা 8 জানুৱাৰীত 28 টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । সেয়ে প্ৰতিটো ৰাজনৈতিক দলে পৰিষদীয় নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ শনিবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ডিমা হাছাও জিলা বিজেপিয়ে ৷ শনিবাৰে বিয়লিৰ ভাগত হাফলঙৰ বাজপেয়ী ভৱনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা আৰু বিজেপি দলৰ মুখপাত্ৰ লিটন চক্ৰৱৰ্তীৰ উপস্থিতি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হয় ৷

এই সন্দৰ্ভত এন চি এইচ এ চি মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই কয়, ‘‘ যদিহে বিজেপিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পুনৰ ক্ষমতা দখল কৰে তেতিয়া হ’লে জিলাখনৰ শিক্ষাখণ্ডৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পথ, ৰে’লপথৰ আন্তঃগাঁথনিসহ পৰ্যটন, কৃষি, জলসিঞ্চন, খোৱা পানীৰ সংকট দূৰ কৰা ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ হ’ব ৷ তদুপৰিও এন চি এইচ এ চিৰ ৰাজহ 150 কোটি টকা লৈ বৃদ্ধি কৰাৰ ব্যৱস্থা লোৱা হ’ব ৷’’

গাৰ্লোচাই লগতে কয়, ‘‘এইবাৰ এন চি এইচ এ চিত বিজেপি ক্ষমতালৈ আহিলে ষষ্ঠ অনুসূচীৰ সংশোধন কৰা হ’ব ৷ পৰিষদৰ চেমখৰ সমষ্টিত থকা চিকিৎসালয়খন উন্নীতকৰণ, ডিমা হাছাও জিলাৰ অতি পুৰণি গাঁও চেমখৰক হেৰিটেজ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ, হাফলং চহৰৰ খোৱা পানীৰ সংকট দূৰ কৰাৰ বাবে ৰবিনলাত ডেম নিৰ্মাণ, মাইবাঙত 100 খন বিছনাযুক্ত মহকুমা চিকিৎসালয় নিৰ্মাণ, ডিমা হাছাও জিলাৰ 2500-3000 হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি আৰু কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷’’

তেওঁ কয়, ‘‘হাৰেংগাজাও মাহৰ খেপৰে লাংটিং দিয়ুংবৰা গাঁৱসমূহৰ চৰকাৰী বিদ্যালয় ডিগ্ৰী পৰ্যায়লৈ উন্নীত, হাজাদিছা থাইজোৱাৰী গুণজোং মুলদাম থিংভম গাঁৱৰ চৰকাৰী বিদ্যালয়সমূহ উচ্চ মাধ্যমিক পৰ্যায়লৈ উন্নীত, মাহুৰত সৈনিক স্কুল নিৰ্মাণ, মাইবাং আৰু গুণজোংৰ মাজত আয়ুস চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে হাফলং আৰু মাহুৰৰ মাজতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব । হাফলঙত নিৰ্মাণ কৰা হ’ব এখন বিজ্ঞান কেন্দ্ৰ ।’’

লগতে পঢ়ক : 28 টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন

TAGGED:

BJP
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.