ETV Bharat / state

Congress Press Meet in Haflong: ডিমা হাছাওক এটিএম হিচাবে ব্যৱহাৰ কৰিছে বিজেপিৰ নেতাই: কমলাক্ষ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:05 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সাজু হৈছে ডিমা হাছাও জিলা কংগ্ৰেছ । হাফলঙত কংগ্ৰেছ দলৰ নিৰ্বাচন কমিটীৰ প্ৰথমখন বৈঠক সম্পন্ন ।

Congress Press Meet on NCHAC election
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

হাফলং, ৪ নৱেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ডিমা হাছাও জিলা কংগ্ৰেছ । আজি হাফলঙত কংগ্ৰেছ দলৰ নিৰ্বাচন কমিটীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত এখন নিৰ্বাচন কমিটী গঠন কৰা হয় । আজি এই কমিটীখনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয় লৈ আলোচনাত মিলিত হয় ।

এই নিৰ্বাচন কমিটীখনত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক নুৰুল হুদা, বিধায়ক দিগন্ত বৰ্মন, বিধায়ক শিৱমণি বৰা, বিধায়ক যাদৱ স্বৰ্গীয়াৰী আৰু কংগ্ৰেছ নেতা জয়ৰাম ইংলেং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচা । এই বৈঠকখনত উপস্থিতি থাকে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ ৬ খন ব্লক কমিটীৰ সভাপতি আৰু সম্পাদক সকল । নিৰ্বাচন কমিটীৰ বৈঠকৰ পিচতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, কমলাক্ষ দে পুৰকায়স্থই এখন সংবাদমেল সম্বোধন কৰি কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু হৈছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই কয় যে ইতিমধ্যে ডিমা হাছাও জিলা কংগ্ৰেছেৰ বুথ কমিটীসমূহ শক্তিশালী ৰূপে গঠন কৰা হৈছে । মণ্ডল কমিটীসমূহে যথেষ্ট উৎসাহেৰে কাম আৰম্ভ কৰিছে । ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে দলৰ সাংগঠনিক দিশসমূহ শক্তিশালী কৰি নিৰ্বাচনৰ পৰিকল্পনা কৰি কাম আৰম্ভ কৰিছে বুলি মন্ত্যব কৰি অপূৰ্ব ভট্টাচাৰ্যই কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজৰ পূৰ্ণ সমৰ্থন লৈ কংগ্ৰেছ দল নিৰ্বাচনত অৱতীৰ্ণ হ'ব । অপূৰ্ব ভট্টাচাৰ্যই কয় যে প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাও জিলা এতিয়া দুৰ্নীতিৰ ভূস্বর্গ লৈ পৰিণত হৈছে । এই পাহাৰীয়া জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ যি দৰে উন্নয়ন হোৱাৰ কথা আছিল এনে ধৰণৰ উন্নয়ন হোৱা নাই ।

আনহাতে, উক্ত সংবাদমেলত বিধায়ক তথা নিৰ্বাচন কমিটীৰ অধ্যক্ষ কমলাক্ষ দে পুৰকায়স্থই কয় যে এতিয়া সমগ্ৰ দেশৰ ৰাইজৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে । দেশত যি কোনো ৰাজ্যত নিৰ্বাচন হ'লে বিজেপি দলে মুখথেকেচা খাইছে । এতিয়া আৰু ৫ খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াতো বিজেপিৰ পৰাজয় নিশ্চিত বুলি মন্ত্যব কৰি বিধায়ক গৰাকীয়ে কয় যে ২০২৪ চনত দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনত দেশৰ ৰাইজৰ দৃষ্টিভঙ্গী সকলে দেখিব । কমলাক্ষ দে পুৰকায়স্থই কয় যে অসমৰ পাহাৰীয়া জিলাখনক এতিয়া এটিএম হিচাবে ব্যৱহাৰ কৰিছে বিজেপিৰ নেতা সকলে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু বিজেপি নেতা সকলে ছিণ্ডিকেটৰাজ চলাই আছে ।

লগতে পঢ়ক:Silver Jubilee Celebration : ২৫ বছৰীয়া হ’ল চিলাপথাৰ টাউন কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.