ETV Bharat / state

Breaking lock up in Haflong : হাফলঙত লক আপ ভাঙি পলায়ন কৰে

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:31 AM IST

Breaking lock up in Haflong
হাফলঙত লকাপৰ তলা ভাঙি পলায়ন কৰিলে এটা অপৰাধীয়ে

হাফলঙত লক আপৰ তলা ভাঙি পলায়ন কৰিলে এটা অপৰাধীয়ে ৷ অপৰাধীটোৰ নাম মাইৰিংদাও নাইডিং ৷ অৱশ্যে এটা দিনৰ অন্তত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তৰ কৰে অপৰাধীটোক ৷

হাফলং, 25 আগষ্ট : হাফলঙত অঘটন ৷ হাফলং থানাৰ লক আপৰ পৰা পলায়ন কৰে এটা অপৰাধীয়ে । বুধবাৰ নিশা প্ৰায় 2:30 বজাত হাফলং থানাৰ লক আপৰ তলা ভাঙি কৰে এনডিপিএছ আইনত গ্ৰেপ্তাৰ হোৱা মাইৰিংদাও নাইডিং নামৰ 21 বছৰীয়া এটা অপৰাধী ৷ অৱশেষত বৃহস্পতিবাৰ নিশা পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপৰাধীটোক ।

মাইৰিংদাও নাইডিং নামৰ অভিযুক্তটোক 22 আগষ্টৰ দিনা নিউহাফলঙৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল হাফলং আৰক্ষীয়ে । এই ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে 90 খন ভয়েলত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ আগতে এই অপৰাধীটো বিভিন্ন গোচৰত আৰক্ষীয়ে দুবাৰ গ্ৰেপ্তাৰ কৰিছিল ।

বুধবাৰে আৰক্ষীয়ে এই ধৃত যুৱকজনক আদালত লৈ যোৱাৰ পিচতে আৰক্ষীয়ে অধিক সোধপোচৰ বাবে নিজৰ জিম্মাত বিচাৰে ৷ আদালতেও ধৃত যুৱকজনক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । ইয়াৰ পিচতে বুধবাৰ নিশা প্ৰায় 2:30 বজাত লক আপৰ তলা ভাঙি পলায়ন কৰে যুকজনে ।

ফলত চিন্তিত হৈ পৰে আৰক্ষী ৷ বৃহস্পতিবাৰ গোটেই দিন আৰক্ষীয়ে এই অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে চলায় অভিযান ৷ অৱশেষত বৃহস্পতিবাৰে নিশা প্ৰায় 7:30 বজাত আৰক্ষীয়ে নিম্ন হাফলঙৰ পৰা মাইৰিংদাও নামৰ যুৱকজনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে হাফলং উপ-কাৰাগৰৰ পৰা বহু কয়দী পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে যদিও হাফলং থানাৰ লক আপ ভাঙি কোনো অপৰাধীৰ পলায়ন কৰা নাছিল ৷

জানিব পৰা মতে, বুধবাৰে নিশা হাফলং আৰক্ষী থানাত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানৰ গাফিলতিৰ বাবেই লক আপ ভাঙি পলায়ন কৰিব লৈ সক্ষম হয় অপৰাধীটো । বুধবাৰে নিশা হাফলং আৰক্ষী থানাত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানৰ বিৰুদ্ধে বৰ্তমানে আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : New Assamese movie Mamatar Sithi: ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে মুক্তি পাব নতুন অসমীয়া কথাছবি ‘‘মমতাৰ চিঠি’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.