ETV Bharat / state

Flash Flood in Sikkim:ছিকিমৰ প্ৰলয়ত আৱদ্ধ ডিব্ৰুগড়ৰ তিনি যুৱক,উদ্বিগ্ন পৰিয়ালৰ লোক

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:10 PM IST

Sikkim  hydel dam destroyed
ছিকিমত ভয়ংকৰ জল প্ৰলয়

ছিকিমত চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ তিনি যুৱক আৱদ্ধ । যোৱা ৬ অক্টোবৰত সেনা ৰেজিমেন্টৰ শিৱিৰৰ পৰা পৰিয়ালক ফোন কৰিছিল যুৱককেইজনে । সহায় বিচাৰি মূখ্যমন্ত্ৰীলৈ টুইট পৰিয়ালৰ লোকৰ ।

ছিকিমত ভয়ংকৰ জল প্ৰলয়

মৰাণ, ৯ অক্টোবৰ: ছিকিমত সংঘটিত ভয়ংকৰ জল প্ৰলয়ে কেৱল ৰাজ্য়খনতেই নহয় অসমৰো বিভিন্ন প্ৰান্তত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । কিয়নো অসমৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ- ছাত্ৰীকে ধৰি বিভিন্ন ব্যক্তি আৱদ্ধ হৈ আছে ছিকিমত । ৰাজ্য চৰকাৰে ইতিমধ্য বহু ছাত্ৰ-ছাত্ৰীক ঘূৰাই আনিবলৈ সক্ষম হৈছে যদিও বহুতৰে এতিয়াও নাই কোনো সন্ধান । ছিকিমত জল প্ৰলয়ত চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ মৰাণৰ তিনিজন যুৱক আৱদ্ধ হৈ থকাৰ খবৰ পোহৰলৈ আহিছে । এই কথা সদৰী কৰিছে পৰিয়ালৰ লোকে ।

চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচাৰ শুভম আগৰৱালা, চ্য়ুকাফা নগৰৰ নীৰজ শৰ্মা, মৰাণ নগৰৰ প্ৰথম আগৰৱালা ছিকিমত আবদ্ধ হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তিনি ব্যৱসায়ীৰ পুত্ৰই যোৱা ১ অক্টোবৰত ছিকিমলৈ ফুৰিবলৈ গৈছিল । ইয়াৰ পিছতে ৩ অক্টোবৰলৈকে যোগাযোগ ৰাখিছিল পৰিয়ালৰ সৈতে। বানৰ বিভীষিকাৰ পিছত ৬ অক্টোবৰত সেনা ৰেজিমেন্টৰ শিৱিৰৰ পৰা পৰিয়ালক ফোন কৰিছিল যুৱককেইজনে ।

লগতে পঢ়ক:Flash Flood in Sikkim : ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ নলবাৰীৰ এটা পৰিয়াল

ইয়াৰ পিছত কোনো যোগাযোগ নাই যুৱককেইজনৰ । হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যুৱককেইজনৰ পৰিয়ালত । ইফালে,শুভম আগৰৱালাৰ ভাতৃ বিতু আগৰৱালাই আৱদ্ধ হৈ থকা যুৱকজনক উদ্ধাৰৰ বাবে সহায় বিচাৰি মূখ্যমন্ত্ৰীলৈ টুইট কৰিছে । অসম চৰকাৰক যুৱক কেইজনক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

উল্লেখ্য় যে ছিকিমৰ মংগন জিলাৰ চুংথাঙত ১২০০ মেগাৱাট শক্তিৰ মথাউৰি ভাঙি যোৱাৰ পিছতে ৰাজ্যখনত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ । ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে এই অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে । চুংথাং গাঁৱত ১২০০ মেগাৱাট বান্ধ তিস্তা তৃতীয় পৰ্যায়ৰ হাইডেল বিদ্যুৎ প্ৰকল্পটো ২০১৭ চনত আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক:Sikkim CM on hydel dam destroyed : আকস্মিক বানত ধ্বংস হাইডেল বান্ধ; পূৰ্বৰ চৰকাৰক দোষাৰোপ ছিকিমৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.