Flash Flood in Sikkim : ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ নলবাৰীৰ এটা পৰিয়াল

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 4:40 PM IST

thumbnail

নলবাৰী, ৭ অক্টোবৰ : ছিকিমত ফুৰিবলৈ গৈ আৱদ্ধ হৈ আছে নলবাৰীৰ বৰক্ষেত্ৰী বৰ্নীৰ এটা পৰিয়াল ৷ বিগত ১ অক্টোবৰত ছিকিমলৈ নলবাৰীৰ বৰক্ষেত্ৰী বৰ্নীৰ পৰা ফুৰিবলৈ গৈছিল নজৰুল ইছলাম আৰু মুকুতা আহমেদ নামৰ দুয়ো স্বামী-স্ত্ৰীৰ লগতে নজৰুল ইছলামৰ ভগ্নী নাজমা বেগম ৷

কিন্তু ছিকিমত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে তাতেই আৱদ্ধ হৈ পৰে পৰিয়ালটো ৷ শেহতীয়াকৈ ভাৰতীয় সেনা বাহিনীৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷ কিন্ত আৱদ্ধ হৈ পৰা এই পৰিয়ালটোৰ সৈতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ কোনো লোকে যোগাযোগ কৰা নাই বুলি জানিবলৈ দিয়ে পৰিয়ালৰ সদস্যই ৷ ইতিমধ্যে পৰিয়ালটোৱে ৰাজ্য চৰকাৰক তিনিওগৰাকী লোকক সুকলমে ঘৰলৈ ঘূৰাই অনাৰ বাবে আহ্বান জনাইছে ৷  

লগতে পঢ়ক : Sikkim flash floods update: ছিকিমত আকস্মিক বান; এতিয়াও সন্ধানহীন সেনা জোৱান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.