ETV Bharat / state

Tea worker died on duty: চাহ বাগিচাত কৰ্মৰত অৱস্থাত আঘাটপ্ৰাপ্ত শ্ৰমিকৰ চিকিৎসালয়ত মৃত্যু

author img

By

Published : Dec 23, 2022, 1:55 PM IST

Tea worker died on duty
পুনৰ কৰ্মৰত অৱস্থাত মৃত্যু চাহ শ্ৰমিকৰ

যোৱা ১৭ ডিচেম্বৰ টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত সংঘটিত হৈছিল শোকাৱহ ঘটনা ৷ কলঘৰত কৰ্মৰত অৱস্থাত আঘাটপ্ৰাপ্ত হৈ অৱশেষত বৃহস্পতিবাৰে চিকিৎসালয়ত মৃত্যুক সাৱতি ল'লে চাহ বাগিচাখনৰ এজন শ্ৰমিকে (Worker injured while working in tea Garden died in hospital) ৷

পুনৰ কৰ্মৰত অৱস্থাত মৃত্যু চাহ শ্ৰমিকৰ

ডিব্ৰুগড়, 23 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত মৰ্মান্তিক ঘটনা ৷ কৰ্মৰত অৱস্থাতে মৃত্যু হ’ল এজন চাহ শ্ৰমিকৰ (Tea worker died on duty) ৷ কলঘৰৰ ভিতৰত কাম কৰি থকা অৱস্থাত আঘাটপ্ৰাপ্ত হৈ অৱশেষত চিকিৎসালয়ত মৃত্যুক সাৱতি ল'লে চাহ বাগিচাখনৰ এজন শ্ৰমিক । টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত যোৱা ১৭ ডিচেম্বৰত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো(Auphulia Tea garden in dibrugarh) ।

কলঘৰত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীজন চুইটু পাহাৰীয়া বুলি জানিবলৈ পৰা গৈছে ৷ পৰিয়ালৰ সহযোগত পাহাৰীয়াক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও (Assam medical college) চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া মৃত্যুক সাৱটি ল'লে চুইটু পাহাৰীয়াই (Worker injured while working in tea Garden died in hospital) ।

যোৱা ১৭ ডিচেম্বৰৰ দিনা কলঘৰৰ চালত কাঠৰ কাম কৰি থাকোতে ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল পাহাৰীয়া । লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় শ্ৰমিকজনক ৷ শ্ৰমিকজনৰ অৱস্থা সংকটজনক হোৱা দেখি বাগান কৰ্তৃপক্ষ আৰু পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে AMCH ত ভৰ্তি কৰিছিল । বৃহস্পতিবাৰে সন্ধিয়া শ্ৰমিকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ বাগিচাখনতে চেঁপা উত্তেজনাই বিৰাজ কৰা পৰলক্ষিত হয় ।

লগতে পঢ়ক : Smugglers arrested with ganja: চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত গাড়ীসহ গাঞ্জা সৰবৰাহকাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.