Vineet committed suicide case: দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ

author img

By

Published : Aug 1, 2022, 4:30 PM IST

Vineet committed suicide case

অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল অভিযুক্ত সঞ্জয় শৰ্মা ৷ সঞ্জয় শৰ্মা হৈছে ডিব্ৰুগড়ৰ প্ৰকৃতি প্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ আত্মহত্যা (Animal activist Vineet Bagaria found dead at his residence) ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত ৷ দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা অভিযুক্ত সঞ্জয় শৰ্মাই সোমবাৰে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে ৷

ডিব্ৰুগড়, 1 আগষ্ট : এতিয়াও মাৰ যোৱা নাই বিনীত বাগাৰিয়াৰ চাঞ্চল্যকৰ আত্মহত্যা চাঞ্চল্য (Vineet Bagaria suicide) ৷ অৱশেষত ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ চাঞ্চল্যকৰ আত্মহত্যা গোচৰৰ অন্যতম অভিযুক্ত সঞ্জয় শৰ্মাই কৰিছে আত্মসমৰ্পণ । দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকাৰ অন্তত সোমবাৰে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে অভিযুক্ত সঞ্জয় শৰ্মাই ।

উল্লেখ্য যে, বিগত 7 জুলাইত আত্মহত্যা কৰিছিল ডিব্ৰুগড়ৰ প্ৰকৃতি প্ৰেমী যুৱক বিনীত বাগাৰিয়াই (Dibrugarh youth commits suicide)৷ নিৰাপত্তাজনিত কাৰণতেই তেওঁ এই চৰম পথ বাছি লোৱা বুলি উল্লেখ কৰে বিনীতৰ পৰিয়ালৰ লোকে (Vineet committed suicide for security reasons)। পৰিয়ালৰ অভিযোগ, ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিও আৰক্ষী তথা প্ৰশাসনৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল বিনীতে ৷

দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ

প্ৰাপ্ত তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি এই সমগ্ৰ ঘটনাৰ বিৱৰণ দিছিল বিনীত বাগাৰিয়াই ৷ ইফালে এই শোকাৱহ ঘটনাৰ পাছতেই বিনীতৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য ফাদিল কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিছিল সমগ্ৰ ডিব্ৰুগড় চহৰ (Justice for Vineet Bagaria) । বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছিল সহস্ৰাধিক লোক ৷

এই ঘটনাৰ পিছৰে পৰা পলায়ন কৰি আছিল সঞ্জয় শৰ্মাই । অৱশেষত নিজেই সোমবাৰে আত্মসমৰ্পণ কৰে অভিযুক্ত সঞ্জয় শৰ্মাই । কিন্তু বৰ্তমানেও পলাতক হৈ আছে আজিজ খান নামৰ আন এজন অভিযুক্ত ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ অভিযোগত বৈদ্দুলা খান, নিশান্ত শৰ্মা আৰু ছামছুল্লা খানক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Justice for Vineet Bagaria: বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.