Binit Bagaria Suicide Case বৈদুল্লাৰ ঘৰত উচ্ছেদ চৰকাৰৰ প্ৰথম কিস্তিহে: মুখ্যমন্ত্ৰী

By

Published : Jul 12, 2022, 9:43 PM IST

Updated : Aug 13, 2022, 7:59 AM IST

thumbnail

দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছতো আৰক্ষীৰ পৰা নিৰাপত্তা লাভ নকৰি আত্মহত্যা কৰিছিল ডিব্ৰুগড় নিবাসী পশুপ্ৰেমী বিনীত বাগাৰীয়াই(Binit Bagaria suicide case)। ইয়াৰ পিছতে মঙলবাৰে এই আত্মহত্যা ঘটনাৰ মুল অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ চলাইছিল ডিব্ৰুগড় প্ৰশাসনে । মঙলবাৰে বান আৰু খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শনৰ বাবে বঙাইগাঁও আৰু চিৰাঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM visit at flood affected area of Bongaigaon) ৷ অঞ্চলটোত উপস্থিত মুখ্যমন্ত্ৰীগৰাকীয়ে পশুপ্ৰেমী বিনীত বাগাৰীয়া আত্মহত্যা আৰু ঘটনাৰ মুল অভিযুক্ত বৈদুল্লা খানৰ ঘৰত চলা উচ্ছেদ সন্দৰ্ভত (Assam CM reacts to Baidulla Khan residence Eviction) কয় যে আজি যি উচ্ছেদ চলোৱা হৈছে সেয়া হৈছে চৰকাৰৰ প্ৰথম কিস্তি ৷ চৰকাৰে বৈদুল্লা খানৰ বিৰুদ্ধে কিস্তি হিচাপত অভিযান অব্যাহত ৰখাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে বৈদুল্লা খানে সুদত টকা দিয়া সাধাৰণ অৰ্থত কাবুলিৱালা, গুণ্ডামী, অবৈধ ইটা ভাটাৰ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যত লিপ্ত থকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

Last Updated : Aug 13, 2022, 7:59 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.