ETV Bharat / state

Constituency delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্টি প্ৰকাশ টাই আহোম যুৱ পৰিষদৰ

author img

By

Published : Jun 22, 2023, 4:02 PM IST

TYPA Reacts Over Assam Constituency delimitation
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব টাইপা

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ অসন্তুষ্টি ৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ স্থগিতাদেশ কৰাৰ প্ৰস্তুতি চলাইছে টাইপাই ৷

সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া টাইপাৰ

ডিব্ৰুগড়, 22 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা প্ৰথমখন খচৰা প্ৰস্তুত কৰাৰ পিছতেই ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিৰ বিলু্প্তি ঘটিছে ৷ বিধানসভা সমষ্টিসমূহ বিলুপ্ত হোৱাৰ লগতে বহু কেইজন বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰাৰ সমান্তৰালভাৱে সমষ্টি সমূহ নোহোৱা হোৱাত বিষয়টো সহজে মানি ল'ব পৰা নাই সমষ্টিবাসী ৰাইজে ৷

বিৰোধী কংগ্ৰেছৰ লগতে দল- সংগঠনৰ দাবী শাসক দল বিজেপিয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে এই সমষ্টি নিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ স্থগিতাদেশ কৰাৰ প্ৰস্তুতি চলাইছে টাইপাই ৷ টাই আহোম সকলক ৰাজনৈতিক ভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাখন ৷ মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ এই প্ৰতিক্ৰিয়া ৷ আহোমৰ লগতে অন্য জাতি জনগোষ্ঠীক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে বুলি মন্তব্য কৰে নেতা দুজনে ৷

তেওঁলোকে কয় যে, 2023 চনতে এই খচৰাখন প্ৰস্তত কৰি আহোম জনগোষ্ঠীৰ লগতে অসমত বসবাস কৰা বহুতো জাতি-জনগোষ্ঠীক ধ্বংস কৰাৰ বাবে বিজেপি চৰকাৰখন উঠি-পৰি লাগিছে ৷ গতিকে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলি মন্তব্য কৰে নেতা দুজনে ৷

এই খচৰাখনত কিছুমান বিসংগতি আমি দেখিবলৈ পাইছোঁ বুলি মন্তব্য কৰি তেওঁলোকে কয় যে, এই খচৰাৰ জৰিয়তে উজনি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লগতে বিশেষকৈ আহোম জনগোষ্ঠীক ৰাজনৈতিকভাৱে ক্ষতি কৰাৰ পদক্ষেপ দেখিবলৈ পাইছোঁ ৷ এই খচৰাৰ জৰিয়তে আহোম জনগোষ্ঠীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে ৷ গতিকে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে টাইপাই আন্দোলন কৰাৰ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃত্বই ৷

লগতে পঢ়ক: Constituency delimitation: সৰভোগ সমষ্টি বিলুপ্তকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনত নামিব মনোৰঞ্জন তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.