ETV Bharat / state

Moran Police Incident : মৰাণ থানাৰ দুই আৰক্ষী বিষয়াক নিলম্বন

author img

By

Published : Oct 16, 2022, 12:55 PM IST

Moran
মৰাণ থানাৰ দুই আৰক্ষী বিষয়াক নিলম্বন

অৱশেষত নিলম্বিত হ'ল মৰাণ থানাৰ দুই আৰক্ষী বিষয়া (Two Moran police suspended)। যুৱকক প্ৰহাৰ কৰাৰ অপৰাধত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰী আৰু মৰাণ থানাৰ এছ আই ভৱেন দত্তক নিলম্বন ।

মৰাণ, ১৬ অক্টোবৰ : মৰাণ থানাত ৮ অক্টোবৰৰ নিশা ১১ যুৱকক প্ৰহাৰ কৰাৰ অপৰাধত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰী আৰু মৰাণ থানাৰ এছ আই ভৱেন দত্তক নিলম্বন কৰিছে গৃহ বিভাগে (Moran police station officers suspended)। ঘটনাৰ পাছতে ৰিজাৰ্ভ ক্ল'জ কৰাৰ (Moran police reserved closed) পাছত দেওবাৰে চাকৰিৰ পৰা নিলম্বিত কৰিছে বিভাগে ।

দুই আৰক্ষীৰ বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰাৰ পাছতে ৰাইজে কঠোৰ শাস্তি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ পাছতেই দুই আৰক্ষী বিষয়াক গৃহ বিভাগে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৭ অক্টোবৰৰ নিশা মৰাণৰ পেচিফিক ধাবাত নৈশ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে মৰাণ আৰক্ষী থানাৰ (Moran Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ পত্নীক এটা যুৱকৰ দলে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পাছতে আৰক্ষী বিষয়াগৰাকীয়ে কোনোধৰণৰ প্ৰাথমিক তদন্ত নকৰাকৈ ধাবাখনত আহাৰ গ্ৰহণ কৰি থকা ১১ জনকৈ যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল (Brutally beaten by Moran OC) ৷ ইয়াৰোপৰি যুৱককেইজক থানালৈ লৈ গৈও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

Moran
মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰী

আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল কেইবাজনো যুৱক ৷ পত্নীক উদ্দেশ্যি কোনো যুৱকে অশালীন মন্তব্য দিয়া বুলি অভিযোগ তুলি তেনেদৰে যুৱককেইজনক প্ৰহাৰৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত ৷

প্ৰমাণ অবিহনে যুৱককেইজনক অভিযুক্ত সজাই প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষীৰ বিৰুদ্ধে শেহতীয়াকৈ বহু সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছিল । বিষয়টোৱে চৌদিশে চৰ্চা লাভ কৰা পাছতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে মৰাণহাট আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ (FIR by wife of Moran OC)৷

Moran
মৰাণ থানাৰ এছ আই ভৱেন দত্ত

শেহতীয়াকৈ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু আৰক্ষী উপ-পৰিদৰ্শক ভৱেন দত্তক উচিত শাস্তি দিয়াৰ দাবীত মৰাণত স্থানীয় লোকে উত্তাল প্ৰতিবাদো সাব্যস্ত কৰে ।

লগতে পঢ়ক :Moran incident: দুই আৰক্ষী বিষয়াক উচিত শাস্তিৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.